গুৱাহাটী,১৬ ছেপ্টেম্বৰ,নিউজ ডেস্কঃ আজি আন্তঃৰাষ্ট্ৰীয় অ’জন স্তৰ সংৰক্ষণ দিৱস। ১৯৯৪ চনৰ ১৬ ছেপ্টেম্বৰ তাৰিখটো ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে আন্তঃৰাষ্ট্ৰীয় অ’জন স্তৰ সংৰক্ষণ দিৱস হিচাপে ঘোষণা কৰিছিল। তেতিয়াৰ পৰাই ১৬ ছেপ্টেম্বৰৰ দিনটো আন্তঃৰাষ্ট্ৰীয় অ’জন স্তৰ সংৰক্ষণ দিৱস হিচাপে পালন কৰি অহা হৈছে। উল্লেখ্য যে, এই দিনটোৰ প্ৰধান দিশ হ’ল অ’জন স্তৰ আৰু ইয়াৰ গুৰুত্বৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা আৰু তাৰ বাবে কাৰ্যক্ষম ব্যৱস্থা গ্ৰহণ কৰা।