আজি অসমীয়াৰ বাপতিসাহোন কাতি বিহু

Share
আজি কাতি বিহু।অসমীয়াৰ তিনি বিহুৰ ভিতৰত কাতি বিহুৰো আছে সুকীয়া আমেজ আৰু মাদকতা।অসমৰ জাতীয সংস্কৃতি তথা বৰ্ণাঢ্য লোক পৰম্পৰাক সৰোগত কৰি আজি ৰাজ্যজুৰি উদযাপিত হ’ব কৃষিজীৱি ৰাইজৰ অন্যতম লোক উৎসৱ কাতি বিহু।আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা অসমীয়া।
আজিৰ এই বিশেষ দিনটোত ব্য়স্ত প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে তুলসীৰ তলৰ জ্বলিব চাকি,আকাশবন্তিৰ পোহৰেৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰ সিমূৰ।চোতালত তুলসীৰ তলত চাকিগছি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ মংগলৰ লগতে সুখ শান্তি সমৃদ্ধিৰ কামনা কৰাৰ উপৰিও খেতিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে। 
উল্লেখযোগ্য যে সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰিছে চহা অসমীয়াই।এই সময়ছোৱাত পোক-পতংগৰ পৰা খেতিডৰাক ৰক্ষা কৰি কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা শস্য়শ্যামল হৈ সোণগুটিৰে উপচি পৰাৰ কামনা কৰে চহা কৃষকে।তদুপৰি গো-লক্ষ্মীক উদ্দেশ্যি গোহালিঘৰত,ভঁৰাল ঘৰত,তামোল-নাৰিকল আদিৰ তলতো প্ৰতিজন অসমীয়াই জ্বলাব ভক্তিৰে এগছি বন্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *