আজি অসমবাসীৰ বাবে এক গৌৰৱৰ দিন

Share

আজি ১০ মাৰ্চ।অসমবাসীৰ বাবে এক গৌৰৱৰ দিন।আজিৰ দিনটোতেই অসমৰ সাংস্কৃতিক জগতৰ এক সূচনা হৈছিল নতুন অধ্যায়ৰ।১৯৩৫ চনৰ ১০ মাৰ্চত কলকাতাৰ ৰৌনাক ছবিগৃহত মুক্তিলাভ কৰিছিল প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’।লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ সতী জয়মতী নাটকৰ ওপৰত ভিত্তি কৰি,জ্যোতি প্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰয়োজনা আৰু পৰিচালনা কৰিছিল।এই ছবিখনত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল আই দেউ সন্দিকৈ।১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হৈছিল আৰু ১৯৩৫ চনত মুক্তি লাভ কৰি দিয়া হৈছিল।এই ছবিখনৰ মূল ছুটিং হৈছিল ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাই সজাই লোৱা ‘‘চিত্ৰবন ষ্টুডিঅ’’ত কৰা হৈছিল।অসমীয়া চলচ্ছিত্ৰ জগতৰ সৃষ্টি তথা অসমীয়া চিনেমা এক উদ্যাগলৈ ৰুপান্তৰিত কৰাৰ ক্ষেত্ৰত ৰুপকোঁৱৰৰ অৱদান অধিক।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে যে- ৯০ বছৰত অসমীয়া চলচ্ছিত্ৰ অসমীয়া চিনেমাৰ বাবে আজি অতি গৌৰৱৰ দিন৷ ১৯৩৫ চনৰ আজিৰ দিনটোতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জাতিক গৌৰৱান্বিত কৰা মহান অৱদান ‘জয়মতী’ চিনেমাখনে মুক্তিলাভ কৰি এক অব্যয় ইতিহাসৰ সূচনা কৰিছিল৷ চিনেমাখনে আজি ৯০ বছৰত ভৰি থ’লে৷ৰূপকোঁৱৰৰ পথেৰে বাট বুলি আজি অসমীয়া চিনেমা এক উদ্যোগলৈ ৰূপান্তৰ হৈ ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে৷ আজিৰ এই পৱিত্ৰ দিনটোত চিনেমাখনৰ সৈতে যিকোনো ধৰণে জড়িত প্ৰতিগৰাকী কলা- কুশলীক অন্তৰৰ নিভৃততম কোণৰ পৰা শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ।অসমীয়া চিনেমাৰ জয়যাত্ৰা অব্যাহত থাকক, সেয়াই কামনা কৰিলোঁ বুলি মন্ত্ৰীগৰাকীয়ে কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *