২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটো সমগ্ৰ অসমবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰা এক অভিশপ্ত দিন । সেই দিনটোৰ কথা মনলৈ আহিলে আজিও সকলোৱে শোকত ম্ৰিয়মান হৈ পৰে । এই বিস্ফোৰণত নিহত নিৰীহ লোকৰ মৃত্যু বেথাৰে আত্মীয়-স্বজনে অতিবাহিত কৰিলে দুটা দশক । পুৰুষ-মহিলা উভয় শিশুকে ধৰি ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল প্ৰায় ৪৭০ জন লোক । এই অসহনীয় হত্যালীলাৰ স্মৃতিয়ে আজিও কন্দুৱাই প্ৰতিজন মানৱ দৰদী লোকক । খবৰ অনুসৰি ২০০৮ চনৰ ৩০ অক্টোবৰৰ পুৱা বিদ্ৰোহী সংগঠন এন ডি এফ বি (ৰঞ্জন দৈমাৰী ) য়ে গুৱাহাটী , পানবজাৰ , কাছাৰীসহ পশ্চিম অসমৰ কেইবাটাও স্থানত সংঘটিত হয় ।