অতি উচ্চ উৎপাদনক্ষম আৰু প্ৰতিকূল বতৰ সহনক্ষম ১০৯ বিধ শস্যৰ বীজ কৃষক ৰাইজৰ বাবে মোকলাই দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ভাৰতীয় কৃষি গৱেষণা পৰিষদে উদ্ভাৱন কৰা এই শস্যৰ বীজ মুকলি অনুষ্ঠানত প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ উপকাৰিতাত বিশেষ গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা ১০৯ বিধ শস্যৰ ভিতৰত ৩৪ বিধ পথাৰ শস্য আৰু ২৭ বিধ উদ্যান-শস্যও আছে। দিল্লীৰ পুছা কেন্দ্ৰত এই শস্য়ৰ বীজ মুকলি কৰাৰ লগতে কৃষক আৰু বিজ্ঞানীসকলৰ সৈতেও আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী। বাৰ্তালাপত মিলেটৰ গুৰুত্বক উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়- বৃহৎসংখ্যক লোকে মিলেটৰ দৰে পুস্তিকৰ খাদ্যক আকোঁৱালি লৈছে। প্ৰাকৃতিক কৃষিক গুৰুত্ব প্ৰদান কৰাৰ বাবে কৃষকসকলৰ পক্ষৰ পৰা চৰকাৰক প্ৰশংসা কৰা হয়।