টাইটান কোম্পানীৰ ১ লাখ টকাৰ প্ৰতিষ্ঠান গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ

Share

গুৱাহাটী,২৭ নৱেম্বৰঃ টাইটান কোম্পানীয়ে এইবাৰ ৫ বছৰত প্ৰায় ৩ হেজাৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। প্ৰতিষ্ঠানটেৱে ইঞ্জিনিয়াৰিং , বিলাসী, ডিজাইন, ডিজিটেল ডাটা বিশ্লষক , বিপণন আৰু বিক্ৰীকে ধৰি বিভিন্ন বিভাগত প্ৰাৰ্থীসকলক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। টাইটান কোম্পানী হৈছে টাটা গ্ৰুপ আৰু তামিলনাডু ইণ্ডোষ্ট্ৰিয়াল ডেভেলপমেণ্ট কৰ্প’ৰেচনৰ যুটীয়া সহযোগিতাত গঠিত এক প্ৰতিষ্ঠান। এই টাইটান কোম্পানীৰ প্ৰতিষ্ঠানটোৱে এই নিৰ্দিষ্ট সময়ৰ ভিতৰত ১ লাখ কোটি টকাৰ প্ৰতিষ্ঠান হিচাপে গড়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এই প্ৰতিষ্ঠানটোত ৬০ শতাংশ কৰ্মৰত কৰ্মচাৰী হৈছে মেট্ৰ’চহৰৰ আৰু বাকী ৪০ শতাংশ কৰ্মচাৰী দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰৰ। অহা ২-৩ বছৰৰ ভিতৰত ইঞ্জিনিয়াৰিং বিভাগত কৰ্মচাৰীৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰা হ’ব বুলি টাইটান কোম্পানীৰ মানৱ সম্পদ বিষয়া প্ৰিয়া পিল্লয়ে জনায়

Leave a Reply

Your email address will not be published. Required fields are marked *