আজি পৰ্যন্ত নিযুক্তি দিয়া নহল স্বাস্থ্য বিভাগৰ ১১১ পদত

Share
২০১৪ চনতে স্বাস্থ্য বিভাগৰ সঞ্চালকালয়ৰ তৰফৰ পৰা জনসংযোগ বিভাগৰ জৰিয়তে ১১১টা এম পি ডব্লিও পদৰ বাবে বিজ্ঞাপন দিয়া হৈছিল। জনসংযোগৰ ১০০১৩/১৩ নং বিজ্ঞাপন মৰ্মে ২০১৪ চনৰ ৭ মাৰ্চত প্ৰকাশ কৰা বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰিয়েই একাংশ প্ৰাৰ্থীয়ে আবেদন পত্ৰ দাখিল কৰিছিল। কিন্তু যোৱা সাত বছৰে কোনো সাক্ষাৎকাৰ বা পৰীক্ষা অনুষ্ঠিত নকৰি হাজাৰ হাজাৰ বিজ্ঞানৰ স্নাতক তথা উচ্চতৰ মাধ্যমিক  উত্তীৰ্ণ প্ৰাৰ্থীৰ আশাত চেঁচাপানী ঢালে স্বাস্থ্য বিভাগে। 
আশ্বৰ্যজনকভাৱে ১১১টা পদৰ নিযুক্তি নিদিয়াকৈ বিজেপি চৰকাৰখনৰ স্বাস্থ্য বিভাগে পুনৰ ২০২১ বৰ্ষৰ ৯ ডিচেম্বৰত আন এটা বিজ্ঞাপন প্ৰকাশ কৰিছিল ২৬০টা এম পি ডব্লিও পদৰ বাবে। ২০১৪ বৰ্ষতে এশ টকাকৈ বেংক ড্ৰাফট চৰকাৰক আদায় দিয়া পূৰ্বৰ আবেদনকাৰী প্ৰাৰ্থী সকলক বিষয়টোৰ সন্দৰ্ভত কোনো কথাই উল্লেখ নকৰাত জাঙুৰ খাই উঠিছে এই প্ৰাৰ্থীসকল। পূৰ্বৰ প্ৰাৰ্থীসকলে কোনো কাৰণতে মানি লোৱা নাই নতুনকৈ দিয়া বিজ্ঞাপনৰ বিষয়টো। সেয়ে নতুন বিজ্ঞাপনটোত পূৰ্বৰ প্ৰাৰ্থীসকলকো সাঙুৰি লৈ সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ বাবে সংশ্লিষ্ট বিভাগক দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে । 

Leave a Reply

Your email address will not be published. Required fields are marked *