মণিপুৰ সীমান্তত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা

Share

মণিপুৰত সংঘতিত হৈ থকা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰৰ অসম-মণিপুৰ সীমান্তত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা। অগ্নিগৰ্ভা মণিপুৰৰ হিংসাত্মক পৰিস্থিতিয়ে যাতে প্ৰভাৱ পেলাব নোৱাৰে অসম ভূমিত তাক লৈ সতৰ্ক হৈছে অসম আৰক্ষী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কঠোৰ নিৰ্দেশনাৰ পাচতেই অসম-মণিপুৰ সীমান্তত আৰক্ষীৰ নেতৃত্বত চলিছে নিছিদ্ৰ পহৰা। অসম-মণিপুৰ সীমান্তত আৰক্ষী-নিৰাৰত্তাৰক্ষীয়ে যৌথভাৱে চলাইছে অভিযান। জিৰিবামত চি আৰ পি এফৰ গুলীত ১০ জন সন্দেহজনক কুকি উগ্ৰপন্থীৰ মৃত্যুৰ লগতে জিৰিবামৰ জাকুৰাডহৰৰ অপহূত ৬ মেইটেই শিশু-মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছতেই মণিপুৰ সীমান্তত কাছৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। এই প্ৰসংগত কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয়,” মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে কঠেৰ নিৰ্দেশনা দিছে যে কোন ধৰণৰ ৰ্আইন শৃংখলাজনিত পৰিস্থিত্ৰ সৃষ্টি কৰিবলৈ যি অপশক্তিয়ে চেষ্টা কৰিব তেঁওলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা কৰিব। সেয়েহে তেঁলোকে কোনো যাতে সাৰি যাব নোৱাৰে তাৰ বাবে আমি সতৰ্ক হৈ আছো। ”

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিয়ে যাতে কাছাৰত প্ৰবভাৱ পেলাব নোৱাৰে তাৰবাবে যথেষ্ট সক্ৰিয় হৈ আছে কাছাৰ আৰক্ষী। সীমান্তত মোতায়েন কৰা হৈছে অসম আৰক্ষীসহ কমাণ্ডো বেটেলিয়ন৷ সীমান্ত অঞ্চলত দিনে নিশাই আৰক্ষীয়ে টহল দিয়াৰ লগতে সীমান্তৰ স্থলপথৰ সমান্তৰালকৈ নদীপথতো নদী আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *