গুৱাহাটী,১০ ফেব্ৰুৱাৰী:আজি কাজিৰঙাত ২০২৪ বৰ্ষৰ বাঘ গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে।কাজিৰঙা উদ্যানৰ অৰ্ন্তভাগত লগোৱা হৈছে ৫১০টা কেমেৰা।এই কেমেৰাৰ দ্বাৰা উদ্যান কতৃপক্ষই সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব প্ৰতিটো বাঘ আৰু ডেৰ মাহৰ পিছত কেমেৰাত বন্দী হোৱা ছবিৰ জৰিয়তে নিৰ্ণয় কৰিব বৰ্তমান কাজিৰঙাত থকা বাঘৰ সংখ্যা।আনহাতে ২০২৩ বৰ্ষত কাজিৰঙাত ১০৪টা বাঘৰ উপস্থিতি পোৱা গৈছিল।সেয়েহে ২০২৪ত বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ আকাংক্ষা থকাৰ কথা উল্লেখ কৰে কাজিৰঙা উদ্যানৰ সঞ্চালিকা ড০ সোণালী ঘোষে।ইয়াৰোপৰি তেওঁ উল্লেখ কৰে যে,২০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰী লৈকে সমগ্ৰ অসমত গণনা কৰা হ’ব হাতীৰ সংখ্যা।