৭০ হাজাৰ মুগা উ९পাদন কৰি উজলিল ঢকোৱাখানাৰ তিনি যুৱক

Share

অতীজৰ পৰাই অসমক এক সুকীয়া মৰ্যদা প্ৰদান কৰি আহিছে মুগা শিল্পই ৷ তেনে ক্ষেত্ৰত ঢকুৱাখানাত ৩৫ দিনত মাত্ৰ ১৪ হাজাৰ টকাৰে মুগা সঁচ ক্ৰয় কৰি মুগা পালন কৰিছিল তিনি যুৱকে আৰু ৭০ হাজাৰ মুগা উ९পাদন কৰিবলৈ সক্ষম হয় ৷ এই যুৱক কেইটা ক্ৰমে-জয়চন্দ্ৰ বৰুৱা, জ্যোতি প্ৰসাদ বঢ়াগোহাঁই আৰু সদা বৰুৱা ৷ মুগাখেতিৰ কেন্দ্ৰবিন্দু হৈছে ঢকুৱাখানা য’ত সোণালী সূতা উপাদন হয় ৷ এই সোণালী সূতা নামেৰে জনজাত হোৱা ঢকোৱাখানাত বসবাস কৰা শ-শ পৰিয়ালে মুগা উ९পাদন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যৰ অৰ্থনীতি দিশতো সহায় কৰিছে ৷ ঢকোৱাখানাৰ ১৫ হাজাৰ লোক এই মুগা পালনত জড়িত আছে যদিও জলবায়ুগত কাৰণত মুগা উপাদন উদ্বেগজনক হাৰত হ্ৰাস পাইছে ৷ তাৰ সত্বেও কঠোৰ প্ৰত্যাহ্বানক নেউচি অব্যাহত ৰাখিছে মুগা পালন ৷ মুগা উপাদন কৰিবলৈ সঁচৰ বাবে বহুত অসুবিধাৰ সম্মূখিন হৈছিল মুগা পালকসকলে ৷ কিন্ত এইবাৰ চৰকাৰী প্ৰকল্পৰ পৰা মুগা সঁচ আশা নকৰি নিজে গাৰো পাহাৰৰ পৰা জাৰুঁৱা বাঁহৰ সঁচ আনি মুগা খেতিক দিছে এক নতুন দিশ ৷ তেনেক্ষেত্ৰত ঢকোৱাখানাৰ তিনি যুৱকে চৰকাৰৰ কোনো সহায় নোলোৱাকৈ নিজৰ প্ৰচেষ্টাত মুগা উ९পাদনৰ এক বৃহ९ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ঢকোৱাখানাত এতিয়া চৰ্চিত বিষয় হৈ পৰিছে এই তিনিজন যুৱক ৷ তেওঁলোকে আৰম্ভণিৰ পৰা অৰ্থা९ খৰিকাৰ পৰা মুগা পকালৈকে  ৩৫ দিনৰ ভিতৰত মাত্ৰ ১৪ হাজাৰ টকাৰে কিনি আনি মগাৰ সঁচৰে মুগা পালন কৰি ৭০ হাজাৰৰ মুগা উ९পাদন কৰিবলৈ সক্ষম হয় ৷ আজি মুগাখিনি অসমৰ লগতে বিভিন্ন স্থান ক্ৰমে -আমগুৰি, ডিমৌ, জোনাই, চিলাপথাৰ, ধেমাজিৰ লগতে ঢকোৱাখানাৰ ৯৬ গৰাকী মুগা পালকক প্ৰতি হাজাৰত ৬ হাজাৰ টকাৰ দৰত ৫০ হাজাৰ মুগা সঁচৰ যোগান ধৰে ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *