মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগত বাধা একাধিক সৰ্মথকৰ ।

Share

মণিপুৰৰ সাম্প্ৰদায়িক হিংসাৰ দাৱানল প্ৰশমিত কৰাত শোচনীয়ভাৱে ব্যৰ্থ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগক লৈ শুকুৰবাৰে এক নাটকীয় পৰিস্থিতিৰ সৃষ্টি হয় ইম্ফলত।

উল্লেখ্যযোগ্য যে, আজি দিনটোৰ ভিতৰত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যপাল অনুসূয়া উইকেক ৰাজভৱনত সাক্ষাৎ কৰি পদত্যাগৰ পত্ৰ দাখিল কৰিব বুলি প্ৰচাৰ হোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ বাসভৱন আৰু ৰাজভৱনৰ সন্মুখত হেজাৰ লোকৰ সমাবেশ ঘটে।এই সমাবেশৰ নেতৃত্ব দিয়ে মেইটেই সম্প্ৰদায়ৰ মহিলাই।

আনহাতে, বীৰেন সিঙৰ সৰ্মথনত একতা প্ৰদৰ্শন কৰি মণিপুৰৰ বিভিন্ন মহিলা সংগঠনৰ মহিলাসকলে  শুকুৰবাৰে ইম্ফলৰ নুপি লাল কমপ্লেক্সৰ সন্মুখত একত্ৰিত হৈ মুখ্য়মন্ত্ৰী এন বীৰেন সিঙক পদৰ পৰা পদত্যাগ কৰাত বাধা দিয়ে।ৰাজ্যৰ অশান্তিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্য়মন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰাৰ উপযুক্ত সময় নহয় বুলি প্ৰতিবাদী মহিলাসকলে প্ৰকাশ কৰে।এই ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী সিঙে টুইটাৰযোগে ঘোষণা কৰে যে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে।লগতে মুখ্য়মন্ত্ৰী গৰাকীয়ে এই বুলিও উল্লেখ কৰে যে এই জটিল সন্ধিক্ষণত মই স্পষ্ট কৰি দিব বিচাৰো যে মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰো।জানিব  পৰামতে আজি পুৱা ৮ বজাত এক জৰুৰী কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ ঘোষণা  কৰিছিল বীৰেন সিঙে।মণিপুৰৰ আগশাৰীৰ দৈনিক কাকত চানগাই এক্সপেছৰ বাতৰিমতে বৃহস্পতিবাৰে অৰ্থাৎ ২৯ জুনৰ নিশা দিল্লীৰ শীৰ্ষ মহলৰ পৰা কেইবাটাও ফোন লাভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে য’ত নিৰ্দেশ দিয়া হৈছিল তেওঁক পদত্যাগ কৰি প্ৰশাসন দিল্লীৰ হাতত অৰ্পণ কৰাৰ কথা।

Leave a Reply

Your email address will not be published. Required fields are marked *