মাজুলীৰ ৰাসৰ প্ৰতি আকৰ্ষিত হৈছে হাজাৰ হাজাৰ দৰ্শক

Share
গুৱাহাটী,২৭ নৱেম্বৰ: শ্ৰীকৃষ্ণৰ বন্দনাত মুখৰিত হৈ পৰিছে ৰাজ্য। ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাস উৎসৱ অৰ্থাৎ দেওবাৰৰ পৰা আৰম্ভ হয় ৰাস মহোৎসৱ। উজনি নামনি সকলোতে এতিয়া কেৱল ৰাসৰ আনন্দময় পৰিৱেশ। ইফালে মাজুলীৰ ৰাসে মনোমুগ্ধ কৰিছেহি হাজাৰ হাজাৰ দৰ্শকক। দ্বিতীয় বৃন্দাবনলৈ ৰূপান্তৰিত হৈছে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী। মাজুলীৰ পৰিৱেশ এতিয়া খোল-তাল, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। মাজুলীৰ ১২ খনকৈ সত্ৰ আৰু ৰংগমঞ্চত অনুষ্ঠিত কৰা হৈছে ৰাস মহোৎসৱ। ৰাস মহোৎসৱক লৈ উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত।
মাজুলীত ৰাস মহোৎসৱ চাবৰ বাবে ভিৰ কৰিছেহি বহু দেশী বিদেশী পৰ্যটক। শ্ৰীকৃষ্ণৰ মুৰলী ধ্বনিয়ে আকৰ্ষিত কৰিছে পৰ্যটকক। মাজুলীৰ ঐতিহাসিক সত্ৰসমূহতো ৰাস মহোৎসৱ উপলক্ষে পৰিলক্ষিত হৈছে উলহ মালহ পৰিৱেশ। ৰাস পূৰ্ণিমাৰ প্ৰথম দিনৰ পুৱাৰ ভাগৰ পৰাই মাজুলীৰ সত্ৰসমূহত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। নিশাৰ ভাগলৈকে মঞ্চস্থত হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা। দেওবাৰে নিশা মাজুলীৰ ঐতিহাসিক সত্ৰসমূহত ৰাস উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়। সকলোৱে নেদেখাজনৰ ওচৰত চাকি বন্তি জ্বলাই নিজৰ লগতে সকলোৰে মংগল কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *