প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অপসাৰণৰ বাবে হাজাৰ হাজাৰ পোষ্টাৰিং দিল্লীত

Share

ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অপসাৰণৰ বাবে হাজাৰ হাজাৰ পোষ্টাৰ উদ্ধাৰ হোৱাৰ পিছতে দিল্লী আৰক্ষীয়ে ১০০ৰো অধিক এফআইআৰ পঞ্জীয়ন কৰিছে। এই এজাহাৰ পোষ্টাৰ প্ৰিণ্টিং প্ৰেছ আইন আৰু সম্পতি বিকৃতিকৰণ আইনৰ ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে।

এই  এজাহাৰ গোচৰৰ ভিত্তিতে এই পৰ্যান্ত ৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আম আদমী পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখি বিধানসভাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাজেট উপস্থাপনৰ বাবে অনুমোদন কৰিছে। দেশক ৭৫ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে বাজেট বন্ধ কৰিছে ।  অৰবিন্দ কেজৰিৱালে প্ৰশ্ন কৰে যে দিল্লীৰ বাসিন্দাসকলক ঘৃণা কৰে নেকি। বাজেট উপস্থাপনৰ আগতে আন্তঃগাঠনিৰ সন্দৰ্ভত কেন্দ্ৰই দিল্লী চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচৰাৰ এদিন পিছত এই পত্ৰখন আহিছে।

তাৰপিছতে মঙলবাৰে দিল্লী আৰক্ষীয়ে এখন বাহন ৰখাই তালচী চলাই আৰু বাহনখনৰ পৰা কিছু বিতৰ্কিত পোষ্টাৰ জব্দ কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *