এইবাৰ চহৰৰ মহিলায়ে প্ৰতি মাহে লাভ কৰিব ১২৫০ কৈ টকা

Share
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ এতিয়া  তুংগত উঠিছে। অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’ব চতুৰ্থ বাৰৰ বাবে নিগমৰ নতুন পৰিষদ গঠনৰ বাবে ভোটগ্ৰহণ। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ সভাত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ডত অগপ আৰু বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয় যে – গুৱাহাটী মহানগৰীক ড্ৰাগছ আৰু অপৰাধমুক্ত কৰা হ’ব।  খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সন্দৰ্ভত কয়, ‘দেৱোত্তৰ চৰকাৰী একছনীয়া মাটিত বসবাস কৰি থকা লোকসকলক ভূমিৰ অধিকাৰ দিবলৈ ৰাজ্য চৰকাৰে মিছন বসুন্ধাৰা – ২ আৰম্ভ কৰিব।’ 
খোৱাপানীৰ যোগানৰ বাবেও ৰাজ্য চৰকাৰে ইতিমধ্যে জাইকা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে যাৰ দ্বাৰা মাহে ৫,০০০-৮,০০০ লোকক খোৱাপানীৰ সংযোগ দিব পৰা যাব। লগতে মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দি ভোটাৰক  আকৰ্ষণৰ চেষ্টা কৰিছে। ১৮ এপ্ৰিলত গাড়ীগাঁৱত  অনুষ্ঠিত বিজেপিৰ প্ৰচাৰ সভাত মূখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰি কয় যে – প্ৰতিটো ৱাৰ্ডৰ ১,০০০টা পৰিয়ালক অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভূক্ত কৰা হ’ব। গুৱাহাটীৰ ৬০টা ৱাৰ্ডৰ ৬০,০০০টা পৰিয়ালে প্ৰতি মাহে জুলাই মাহৰ পৰা এই আচঁনিৰ অধীনত ১২৫০ টকাকৈ পাব। ইয়াৰ ফলত ক্ষুদ্ৰ  ব্যৱসায়ী আৰু কম আয়ৰ লোক উপকৃত হ’ব। আৰু এনেদৰেই সকলো দিশত গুৱাহাটীৰ উন্নয়নমূলক কামৰ প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰীয়ে বিজেপিক ভোট দিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *