উন্নয়নৰ নামত পুনৰ বনধ্বংস চৰকাৰৰ। চাৰিশ একৰ বনভূমি সামৰি লোৱা এখন বনাঞ্চলক লৈ এতিয়া তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে হায়দৰাবাদত। হাজাৰ হাজাৰ জোপা গছ কাটি আই টি পাৰ্ক নিৰ্মাণৰ উদ্দেশ্যেৰে ধ্বংসযজ্ঞ চলালে তেলেংগানা চৰকাৰে।ৰাজ্যখনৰ ৰংগাৰেদ্দী জিলাৰ গাচিবৌলিস্থিত হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যলয়ৰ গাতে লাগি থকা এখন বিশাল বনভূমি ধ্বংস কৰি পেলোৱাৰ বাবেই এতিয়া আশ্ৰয়হীন হৈ পৰিছে হাজাৰ হাজাৰ বন্যপ্ৰাণী।উন্নয়নৰ নামত তেলেংগানা চৰকাৰে শ শ বুলডজাৰ লগাই ধ্বংস কৰি পেলাইছে চাৰিশ একৰ বিশাল বনভূমি।আই টি পাৰ্ক আৰু অন্যান্য উন্নয়নমূলক কামৰ বাবে কানচা গাচিবৌলি অঞ্চলত চাৰিশ একৰ বনাঞ্চল উচ্ছেদ কৰিছে তেলেংগানা চৰকাৰে। আত্মৰক্ষাৰ বাবে বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিছে জাক জাক হৰিণা,ময়ুৰ চৰাইকে ধৰি আন আন বন্যপ্ৰাণী।স্থানীয় লোকে উদ্ধাৰ কৰি গতাবলগীয়া হৈছে বনবিভাগক।
এই চাৰিশ একৰ বনভূমিক লৈ বিবাদ চলি আছে চৰকাৰ আৰু বিশ্ববিদ্যলয় কৰ্তৃপক্ষৰ মাজত।গাচিবৌলি বনাঞ্চলৰ ভূমি নিজৰ বুলি দাবী বিশ্ববিদ্যলয় কৰ্তৃপক্ষৰ।আনহাতে চাৰিশ একৰ বনভূমি নিজৰ বুলি দাবী তেলেংগানা চৰকাৰৰ। আনফালে বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে বৰ্তমান প্ৰতিবাদমুখৰ হৈ পৰিছে সাধাৰণ জনতাকে ধৰি প্ৰকৃতিপ্ৰেমী তথা ছাত্ৰ সমাজ।হাতত প্লে কাৰ্ড, বেনাৰ,পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, প্ৰকৃতিপ্ৰেমী তথা বিভিন্ন দল সংগঠনে।প্ৰতিবাদেৰে উত্তাল হৈ পৰিছে হায়দৰাবাদৰ ৰাজপথ।প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীৰ ওপৰত দমন চলাইছে আৰক্ষীয়ে।ছাত্ৰ-ছাত্ৰী আৰু প্ৰকৃতিপ্ৰেমীৰ ব্যাপক প্ৰতিবাদৰ ফলত তেলেংগানা চৰকাৰে পূৰ্বৰ চাৰিশ একৰ ভূমি বিক্ৰিৰ পৰিকল্পনা বাতিল কৰি সমগ্ৰ দুহেজাৰ একৰ অঞ্চলটো এখন বৃহৎ ‘ইক পাৰ্কত’ পৰিণত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উচ্চ ন্যায়ালয়ে তেলেংগানা চৰকাৰক কানচা গাচিবৌলি অঞ্চলত সকলো ধৰণৰ গছ কাটনি আৰু খনন কাৰ্য বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। সেইবাবে বৰ্তমান সেই নিৰ্দেশ অনুসৰি সেই অঞ্চলত সকলো ধৰণৰ উন্নয়ণমূলক কাৰ্য স্থগিত ৰখা হৈছে।
যি সময়ত বনাঞ্চল ধ্বংসৰ বাবেই বৃদ্ধি পোৱা গোলকীয় উষ্ণতাক লৈ সমগ্ৰ বিশ্ব চিন্তিত হৈ পৰিছে ঠিক তেনে সময়তে তেলেংগানা কংগ্ৰেছ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তত সমগ্ৰ দেশতে এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।