ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা। ওদালগুৰি জিলাৰ লালপুলত অনুষ্ঠিত হোৱা বিশাল জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক কম্পিউটাৰৰ পৰিৱৰ্তে ১৬ হাজাৰ টকাকৈ দিয়া হব বুলি ঘোষণা কৰে আৰু দুৰ্গা পূজাৰ সময়ত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক স্কুটী প্ৰদান কৰাৰ লগতে লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰসকলকো স্কুটী প্ৰদান কৰা হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।