এইবাৰ জাইকাৰ পানীৰ পাইপ ফুটি নিমিষতে জলমগ্ন মহানগৰীৰ মালিগাওঁ অঞ্চল

Share

বিগত সপ্তাহত মহানগৰীৰ খাৰঘূলি অঞ্চলত জাইকাৰ পানীৰ পাইপ বিস্ফোৰিত হৈ একাধিক লোক হতাহত হোৱাৰ লগতে গৃহহাৰা হৈছিল বহু কেইটা পৰিয়াল। এই ঘটনাৰ বিতৰ্ক মাৰ নাযাওঁতেই সোমবাৰে পুনৰ জাইকাৰ পানীৰ পাইপে জলমগ্ন কৰি তোলে মহানগৰীৰ মালিগাৱঁৰ সমগ্ৰ অঞ্চল।

এই ঘটনা সংঘটিত হয়  জালুকবাৰী থানাৰ সন্মুখত। মালিগাওঁ চাৰিআলিৰ নিৰ্মীয়মান উৰণীয় সেতুৰ তলত সংঘটিত হোৱা এই ঘটনাৰ ফলত ব্যাহত হৈ পৰে যান-বাহনৰ চলাচল। লগতে সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। যাৰ ফলত বিপত্তিত পৰা পৰিলক্ষিত হয় একাধিক যাত্ৰীৰ লগতে যান-বাহন আৰক্ষীকো। 

উল্লেখযোগ্য যে, মহানগৰীত বিশুদ্ধ খোৱাপানীৰ নাটনি দূৰ কৰিবলৈ ২০০৯ চনত আৰম্ভ কৰা হৈছিল পানী যোগান প্ৰকল্প। কিন্তু জাইকা আৰু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে যেন প্ৰায় সম্পূৰ্ণ হৈ উঠা প্ৰকল্পটো চূড়ান্তভাৱে বিফল হৈ পৰা পৰিলক্ষিত হৈছে। 

  

Leave a Reply

Your email address will not be published. Required fields are marked *