ক’ভিড-১৯ ৰ পিছত ভাৰতত বৃদ্ধি পাইছে নিপাহ ভাইৰাছৰ সংক্ৰমণ ৷ বিশেষকৈ কেৰালাত ভয়াৱহভাৱে বৃদ্ধি পাইছে নিপাহ ভাইৰাছৰ সংক্ৰমণ ৷ ৰাজ্যখনৰ কেইবাখনো জিলাত ভয়াবহ ৰূপ লৈছে নিপাহ ভাইৰাছে ৷ কেৰালাৰ কোজিকোডৰ পিছত কান্নুৰ, ৱায়ানাড আৰু মালাপ্পুৰম জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী ৷ ইতিমধ্যে কোজিকোড জিলাত জ্বৰৰ ফলত হোৱা দুজনকৈ লোকৰ মৃত্যুৰ পাচতে পোহৰলৈ আহিছে এই কথা ৷ লগে লগে জিলাখনত জাৰি কৰিছে সতৰ্কতা ৷
নিপাহ ভাইৰাছে যাতে অধিক ভয়াৱহ ৰূপ নলয় তাৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে কেৰেলাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে ৷ চৰকাৰী চিকিৎসালয়ৰ লগতে ব্যক্তিগত চিকিৎসালয়তো যাতে নিপাহ ৰোগীসকলৰ চিকিৎসাৰ বাবে মনোক্ল’নেল এণ্টিবডী উপলব্ধ হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰীয়ে ৷