ছাত্ৰীৰ ভেশত এইবাৰ লেডী সিংঘম

Share

এগৰাকী মৰম লগা ২৪ বৰ্ষীয় যুৱতী, ছাত্ৰীৰ ভেশত তিনি মাহৰো অধিক সময় মেডিকেল কলেজত থাকি ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন কৰে শালিনী চৌহান নামৰ মহিলা আৰক্ষী কনিষ্ঠবলে। নাৰ্ছিঙৰ প্ৰথম বৰ্ষৰ ছাত্ৰী হিচাপে নাম-ভৰ্ত্তি কৰাইছিল আৰক্ষী বিষয়া গৰাকী, অতি কম সময়ৰ ভিতৰতে জ্যেষ্ঠ আৰু কনিষ্ঠ সকলোৰে প্ৰিয় হৈ পৰিছিল। কিন্তু ধুুনীয়া মুখৰ এই যুৱতী গৰাকীৰ উদ্দেশ্য নাছিল নাৰ্ছিঙৰ শিক্ষা গ্ৰহণ কৰা। উদ্দেশ্য আছিল অপৰাধৰ গভীৰলৈ গৈ অপৰাধীক কৰায়ত্ব কৰা কাৰণ তেওঁ আছিল আৰক্ষীৰ এগৰাকী আণ্ডাৰ কভাৰ কনিষ্টবল। ইন্দোৰৰ এম জি এম মেডিকেল কলেজত সংঘটিত এক ৰেগিং কাণ্ড তদন্ত আৰম্ভ কৰি মেডিকেল কলেজ খনৰ ১১ জনকৈ জ্যেষ্ঠ অভিযুক্ত ছাত্ৰক চিনাক্ত কৰিবলৈ সক্ষম হয়। ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হোৱাৰ পিছত তেওঁক প্ৰশংসাৰে উপচাই পেলাই জ্যেষ্ঠ আৰক্ষী বিষয়া সকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *