এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য মহিলা সাংবাদিক

Share
ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ।এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্যত ৰাজ্যৰ একাংশ মহিলা সাংবাদিক।মহিলা সাংবাদিকৰ লগতে তালিকাত আছে বহু কেইগৰাকী অভিনেত্ৰী-কনটেন্ট ক্ৰিয়েটাৰ-গায়িকা আৰু বহুকেইজনো বিধায়কৰ পত্নী।মহিলা সাংবাদিকৰ ফটো ব্য়ৱহাৰ কৰি এই দুষ্ট চক্ৰসমূহে অবৈধ ব্যৱসায় কৰা দেখা গৈছে।বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে অসৎ বেহা চলোৱা এই দুষ্ট চক্ৰৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিছে অসম মহিলা সাংবাদিক মঞ্চই।উল্লেখ্য যে বিভিন্ন সংবাদ মাধ্যমৰ বহু কেইগৰাকী মহিলা সাংবাদিকৰ ফটো দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমৰ পেজত । Assamese girls online আৰু Assamese beautiful girls নামৰ এই ফেচবুক পেজ দুটাই মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰি এই অসৎ ব্যৱসায় চলাই আহি থকা পৰিলক্ষিত হৈছে।

সেই পেজৰ ফটোসমূহ দেখি একাংশই যোগাযোগ কৰে আৰু তাৰ পিছত  আৰম্ভ কৰে অনৈতিক ব্যৱসায়।এই অপৰাধীৰ লক্ষ্য হোৱা বহু কেইগৰাকী ভুক্তভোগীয়ে গুৱাহাটীৰ চাইবাৰ থানাত এজাহাৰ দিয়াৰ পিছতে আৰক্ষীয়ে  এই ঘটনাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে।এই তদন্তত এনে ঘটনা গুৱাহাটীৰ হাতীগাঁৱৰ এখন ইউনিছেক্স পাৰ্লাৰত সংঘটিত হোৱাৰ তথ্য লাভ কৰে।সেয়েহে অসম মহিলা সাংবাদিক মঞ্চই এই চক্ৰৰ বিৰুদ্ধে উচিত তদন্ত দাবী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *