এইবাৰ কংগ্ৰেছে আৰম্ভ কৰিছে ‘ভাৰত ন্যায় যাত্ৰা’

Share

গুৱাহাটী,২৮ ডিচেম্বৰ:লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰত জোড়ো যাত্ৰাৰ নতুন সংস্কৰণ লৈ জনতাৰ মাজলৈ ৰাহুল গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ।কংগ্ৰেছে ১৪ জানুৱাৰীৰ পৰা আৰম্ভ কৰা ‘ভাৰত ন্যায় যাত্ৰা’ ২০ মাৰ্চ লৈকে চলিব।ভাৰত ন্যায় যাত্ৰাই দেশৰ ১৪ খন ৰাজ্যৰ ৮৫ খন জিলাৰ ৬ হাজাৰ ২০০ কি:মি: পথ সামৰি ল’ব।এই যাত্ৰা ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা মুম্বাই লৈকে বাছেৰে আৰম্ভ কৰিব আৰু ২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্ত পৰিব ৰাহুলৰ এই ন্যায় যাত্ৰাৰ।উল্লেখযোগ্য যে,প্ৰথমবাৰ ৰাহুলৰ নেতৃত্বত আৰম্ভ হোৱা ‘ভাৰত জোড়ো যাত্ৰা’ত ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিলে কংগ্ৰেছে।সেয়েহে ৰাহুলৰ নেতৃত্বাধীন এই কাৰ্যসূচীক ঐতিহাসিক বুলি অভিহিত কৰিছিল দলটোৱে।সেইবাবে এইবাৰো কংগ্ৰেছে ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰিছে ‘ভাৰত ন্যায় যাত্ৰা’।উল্লেখনীয় যে,মল্লিকাৰ্জুন খাৰ্গেই ১৪ জানুৱাৰীত আনুষ্ঠানিকভাৱে ‘ভাৰত ন্যায় যাত্ৰা’ৰ সূচনা কৰিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *