এইবাৰ ৰূপহীহাটত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ

Share

নিউজ ডেস্কঃ বৃহস্পতিবাৰে নিশাৰ ভাগত ৰূপহীহাটত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৬০ টা ড্ৰাগছ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। ৰূপহীহাট আৰক্ষীয়ে জনায় যে এক গোপন সূত্ৰৰ জৰিয়তে নিশাৰ ভাগত অভিযান চলাই ৬০ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ৮৭,৭৪ গ্ৰাম। আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন পুঠিখাইতিৰ ৱাহিদুল ইছলাম আৰু কাৱৈমাৰীৰ বাবুল হুছেইন বুলি জানিব পৰা যায়। বৰ্তমান আটক কৰা সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে বুলি সদৰী কৰে ৰূপহীহাট আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *