১৩ অক্টোবৰ/ANA নিউজ ডেস্কঃ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত আৰু দক্ষিন আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা টি-২০ খেলত লাইট আৰু সাপে এক বিসংগতিৰ সৃষ্টি কৰিছিল যাৰ বাবে কিছু সময়ৰ বাবে খেলখন স্তব্ধ হৈ পৰিছিল ৷ ইয়াৰ বাবে সমগ্ৰ বিশ্বতে চৰ্চাৰ সৃষ্টি হৈছিল ৷ কিন্তু এইবাৰ অসমত নহয়, দিল্লীত এটা কুকুৰৰ বাবে স্তব্ধ হৈ পৰিল ভাৰত আৰু দক্ষিন আফ্ৰিকাৰ মাজত হোৱা এদিনীয়া শৃংখলা ৷
উল্লেখ্য যে, মঙলবাৰে দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিন আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলা চলি থকাৰ সময়তে খেলপথাৰত প্ৰৱেশ কৰে এটা কুকুৰে ৷ দক্ষিন আফ্ৰিকাৰ বেটিংৰ সময়তে কুকুৰৰ আকস্মিক প্ৰৱেশত কিছুসময়ৰ বাবে খেলখন স্তব্ধ হৈ পৰে৷ যদিও পিছত কুকুৰটো বাহিৰলৈ উলিয়াই দিয়াৰ পিছত পুনৰ স্বাভাৱিকভাৱেই খেলখন অনুষ্ঠিত হয় ৷