এইবাৰ নলবাৰীত আন এক প্ৰৱঞ্চক

Share

এইবাৰ নলবাৰীত আন এক প্ৰৱঞ্চকক আটক। বিশাল, স্বপ্ননীলৰ পিছত এইবাৰ  নলবাৰী আৰক্ষীৰ জালত পৰিল অনলাইন ট্ৰেডিঙৰ আন এক প্ৰৱঞ্চক ৰচিদুল আলী। UNIQUE FUND নামৰ ভুৱা কোম্পানী খুলি বহুলোকৰ পৰা লুটিছিল লাখ লাখ ধন। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত জিলাখনৰ মুকালমুৱাৰ ঘৰুৱাবাহৰ পৰা প্ৰৱঞ্চকটোক আটক কৰিবলৈ সক্ষম হয় মুকালমুৱা আৰক্ষী। ভুক্তভোগী এজন যুৱকৰ অভিযোগ মতে, “ৰচিদুল আলীয়ে ইউনিক ফাণ্ড নামৰ এটা কোম্পানীত বিনিয়োগ কৰিব বুলি কৈ মোৰ পৰা ধন সংগ্ৰহ কৰিছিল । ৰচিদুলে কৈছিল কোম্পানীটো ডুবাইৰ । তাত ধন বিনিয়োগ কৰিলে বহুত লাভ হ’ব বুলি আমাক কৈছিল ।আশাতে আমি বহুকেইজনে কোম্পানীটোত বিনিয়োগ কৰিছিলো ।”

Leave a Reply

Your email address will not be published. Required fields are marked *