এতিয়াৰে পৰা ই ৰিস্কাচালক সকলে য’তে ত’তে ৰখাব নোৱাৰিব ই ৰিস্কা, ৰিস্কাসকলে মন গ’লেই তিনিআলি চাৰিআলিত ৰখাব নোৱৰিব।লগতে যাত্ৰীৰ পৰা ল’ব নোৱাৰিব অধিক ভাড়া,পৰৱৰ্ত্তী প্ৰতি কিলোমিটাৰত ল’ব লাগিব ৫ টকাকৈ ভাড়া।ই ৰিস্কাচালক সকলে তিনিআলি চাৰিআলিৰ পৰা ১০ মিঃ দূৰত্বহে যাত্ৰী উঠোৱা-নমোৱা কৰিব পাৰিব আৰু ১ মিনিটৰ ভিতৰতে উঠোৱা-নমোৱা কৰিব লাগিব যাত্ৰীক। ইয়াৰ উপৰিও ৫ জনতকৈ অধিক যাত্ৰী কঢ়িয়াব নোৱাৰিব লগতে চালকৰ কাষত বহুৱাৱ নোৱাৰিব যাত্ৰীক। তাৰোপৰি কোনো ধৰনৰ নিচাজাতীয় দ্ৰৱ্য সেৱন কৰিব নোৱাৰিব ই ৰিস্কাচালকে।নগাও জিলা পৈাৰসভাই ই ৰিস্কাক লৈ বান্ধি দিলে এনেবোৰ নিয়ম,নিয়ম নামানিলে বিপদত পৰিব ই ৰিস্কাচালক অথবা মালিক, অন্য জিলাতো এই নিয়ম প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে।