এইখন অসম মোৰ নহয়, এইখন অসম আপোনালোকৰঃ ড০ হিমন্ত বিশ্ব শৰ্মা

Share

বৃহস্পতিবাৰে ইতিহাস গঢ়ি অসম চৰকাৰে ৪৫ হাজাৰ নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিলে। দেশৰ অমৃত কালত চৰকাৰী চাকৰিৰ জৰিয়তে সংস্থাপন লাভ কৰা প্ৰতিগৰাকী যুৱক-যুৱতীক অসম নিৰ্মাণৰ দায়িত্ব গ্ৰহণৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, চাকৰি পোৱাসকলে প্ৰতিটো পল আৰু ক্ষণ অসম আৰু ভাৰতৰ বাবে সৰ্মপন কৰক। সৰ্মপন কৰক দৰিদ্ৰৰ বাবে। এইখন অসম হিমন্ত বিশ্ব শৰ্মাৰ নহয়, এইখন অসম আপোনালোকৰ। এইখন নতুন অসমৰ নিৰ্মাণৰ দায়িত্ব লওক প্ৰতিগৰাকী নিযুক্তি প্ৰাপকে।

ইপিনে, মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়- এক লাখ চাকৰি প্ৰদানৰ সংকল্প লোৱা হৈছিল। তাৰে ৮৭ হেজাৰে ইতিমধ্যে নিযুক্তি লাভ কৰিছে। পৰৱৰ্তী সময়ত ১৩ হেজাৰৰ পৰিৱৰ্তে ২২ হেজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ হব। বিজেপি চৰকাৰ থাকে মানে চৰকাৰী চাকৰি দিয়েই থাকিম। আনহাতে ৰাজ্যত বিকাশৰ প্ৰক্ৰিয়া চলি থকাৰ সমান্তৰালভাৱে ২ লাখ যুৱতী-যুৱতীক নতুনকৈ স্বাৱলম্বী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে। নিৰ্মাণ হব এখন নতুন অসম, নতুন ভাৰত।   

Leave a Reply

Your email address will not be published. Required fields are marked *