কৃষকৰ দাবী নমানিলে পুনৰ আন্দোলনৰ হুংকাৰ মোদী চৰকাৰক

Share
সোমবাৰে দিল্লীৰ ৰামলীলা ময়দানত ফচলৰ নূন্যতম সমৰ্থন মূল্যৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি সমগ্ৰ ভাৰতৰ হাজাৰ হাজাৰ কৃষকে সমবেত হয়।
১৭ মাহ বিৰতিৰ পিছত ভাৰতীয় কৃষকৰ সমাধান নোহোৱা দাবী সমূহ সমাধানৰ দাবীত দিল্লীৰ ৰামলীলা ময়দানত ভাৰতৰ ৩২ কৃষক সংগঠনে কিষাণ মহাপঞ্চায়ত আয়োজন কৰে। এই মহা পঞ্চায়তে নিৰ্বাচন কৰা ১৫ জনীয়া প্ৰতিনিধিৰ দলে সোমবাৰে বিয়লি কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ তোমৰক সাক্ষাত কৰি চৰকাৰে বিগত ১৭ মাহে পেলাই থোৱা কৃষকৰ দাবী সমূহ সমাধান কৰিবলৈ আহ্বান জনায়।
তদুপৰি এই সাক্ষাৎকাৰত কৃষক নেতৃত্বই ফচলৰ ন্যুনতম মূল্য নিৰ্ধাৰণ আইন প্ৰস্তুত কৰি কাৰ্যকৰী কৰিবৰ বাবে চলিত বছৰৰ ৩০ মাৰ্চলৈকে কেন্দ্ৰীয় চৰকাৰক  সময় সীমা বান্ধি দিয়ে। অন্যথা পুনৰ কৃষক আন্দোলন আৰম্ভ কৰা হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে কৃষকসকলে।
উল্লেখযোগ্য যে, এই মহা পঞ্চায়তৰ বাবে দিল্লী আৰক্ষীয়ে ট্ৰেফিক এডভাইজাৰী জাৰি কৰি ২০০০ৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰি মানুহৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *