হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত লাভ কৰা স্থান বা ষ্টেণ্ড প্ৰথাৰ অৱসান ঘটোৱাৰ দিশে আগবাঢ়িছে শিক্ষা বিভাগ।এতিয়াৰে পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নাথাকিব স্থানপ্ৰাপ্তৰ ব্যৱস্থা। এই কথা বৃহস্পতিবাৰে ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। চলিত বাজেট অধিৱেশনৰ চতুৰ্থ দিনা শিক্ষামন্ত্ৰীগৰাকীয়ে বিধানসভাত প্ৰকাশ কৰে এই তথ্য। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে,”হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টেণ্ড কৰাৰ ব্যৱস্থাটো অপ্ৰোজনীয়। ইয়াৰ পৰা একো লাভ নহয়,স্থানপ্ৰাপ্তৰ চাৰ্টিফিকেটখনেৰে কোনেও ক’তো চাকৰি নাপায়।” ইফালে আগন্তুক শিক্ষাবৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কোনো ব্যৱস্থা নাথাকে বুলি কোৱাৰ পাছতে এতিয়া সৃষ্ঠি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।