কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ! জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সিদ্ধান্ত অনুসৰি – গ্ৰামাঞ্চলত নাথাকিব বাৰ ! থাকিব কেৱল ৱাইন শ্বপ । ৱাইন শ্বপসমূহক এইবাৰ পৰিৱৰ্তন কৰা হ’ব বাৰলৈ । ইয়াৰ লগতে গ্ৰামাঞ্চলত থকা সুৰাৰ বিপণীসমূহৰ অন লাইচেঞ্চক অফ লাইচেঞ্চ কৰিব পাৰিব । ৪৫ দিনৰ ভিতৰতে কৰিব পাৰিব এই কাম । আনহাতে , বানত বিধ্বস্ত হোৱা পৰিয়ালসকললৈ ২০ আগষ্টত দিয়া হ’ব ক্ষতিপূৰণ ।
বানত ক্ষতিগ্ৰস্ত হোৱাসকলৰ নামত প্ৰদান কৰা হ’ব ১২৩ কোটি টকা । সকলোৰে একাউন্টৰ জৰিয়তে পাব এই ধন । তদুপৰি কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসম মটৰ ভেহিকল ২০০৩ ৰ সংশোধনীৰ অধীনত যিসমূহ গাড়ী জব্দ কৰা হ’ব , সেই জব্দকৃত গাড়ীসমূহ গাড়ী ৯০ দিনৰ পাছতে নিলাম কৰিব পাৰিব । তদুপৰি মণিপুৰৰ ভয়ংকৰ ভূমিস্থালনত মৃত্যু আৰু নিখোজ হোৱা পৰিয়ালৰ লোকক প্ৰদান কৰা হ’ব ২ লাখ টকাকৈ আৰু আহত ৫ গৰাকী লোকক প্ৰদান কৰা হ’ব ২৫ হাজাৰকৈ টকা ।