HMPV ৰ বাবে ভাৰতত চিন্তাৰ কোনো কাৰণ নাই

Share

কৰোনা ভাইৰাছৰ পিছতেই এইবাৰ HMPV ভাইৰাছে সৃষ্টি কৰিছে হাহাকাৰময় পৰিবেশৰ।ভাৰতত HMPVৰ পাচঁটা ঘটনা এতিয়ালৈকে পোৱা গৈছে।জানিব পৰা মতে, বাংগালুৰত দুটা, আহমেদাবাদত এটা আৰু নাগপুৰত দুটা ঘটনাৰ সম্ভেদ পোৱা গৈছে। কিন্ত এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই কিয়নো কেন্দ্ৰীয় স্বাস্থ্য সচিব পূণ্যসলিলা শ্ৰীবাস্তৱে দেশৰ শ্বাস প্ৰশ্বাসজনিত ৰোগৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে গৱেষনা কৰি আশ্বাস প্ৰদান কৰিছে দেশবাসীক। তেওঁ জনাইছে যে, এই ৰোগ কভিডৰ দৰে মাৰাত্মক ৰোগ নহয় আৰু এই ৰোগত আক্ৰান্ত হোৱা লোকসকল ইতিমধ্যে অতি কম সময়ৰ ভিতৰতে আৰোগ্য হৈ উঠিছে। তাৰ সমান্তৰালভাৱে ৰাজ্যসমূহক আই এল আই, এছ এ আৰ আই নিৰীক্ষণ শক্তিশালী আৰু পৰ্যালোচনা কৰিবলৈও পৰামৰ্শ দিছে। তেওঁ লগতে কয় যে, সাধাৰণতে শীতৰ মাহবোৰত শ্বাস প্ৰশ্বাসৰ ৰোগ বৃদ্ধি হোৱা দেখা যায় সেইবাবে  ৰাজ্য সমূহক সৰল পদক্ষেপ যেনে চাবোন আৰু পানীৰে প্ৰায়েই হাত ধোৱা আদিৰ দ্বাৰা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কে জনসাধাৰণৰ মাজত আই ই চি আৰু সজাগতা বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। তেওঁলোকৰ চকু,নাক,মুখখন নোধোৱা হাতেৰে স্পৰ্শ কৰাটো পৰিহাৰ কৰা, ৰোগৰ লক্ষণ প্ৰদৰ্শন কৰা লোকসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক পৰিহাৰ কৰা, কাহ আৰু হাঁচি আদিৰ সময়ত মুখ আৰু নাক ঢাকি ৰখাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে।

উল্লেখ্য যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অনুসৰি, “কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্যসলিলা শ্ৰী বাস্তৱে কালি ভাৰতত শ্বাস প্ৰশ্বাসজনিত ৰোগৰ বৰ্তমানৰ পৰিস্হিতি আৰু চীনত HMPV ঘটনা বৃদ্ধিৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু সেইবোৰৰ পৰিচালনাৰ বাবে জনস্বাস্থ্য বিষয়ে HMPV ঘটনা সম্পৰ্কীয় স্থিতি পৰ্যালোচনা কৰিবলৈ ৰাজ্য কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত সভাপতিত্ব কৰে।”

Leave a Reply

Your email address will not be published. Required fields are marked *