কৰুণ মুখত বিৰিঙিল হাঁহি, সৌভাগ্যৰ উদয় হ’ল নিকুৰ

Share
সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হোৱা দহ চেকেণ্ডৰ এটি ভিডিঅ’। ভাইৰেল হোৱাৰ পিছতে যথেষ্ঠ চৰ্চা লাভ কৰিছিল সংবাদ মাধ্যমতো। ভিডিঅ’টোত আছিল মহানগৰীৰ শিলসাঁকো উচ্ছেদ অভিযানত গৃহহীন হোৱা এটি কণমানিৰ কৰুণ অনুৰোধ। মাত্ৰ দহ চেকেণ্ডৰ ভিডিঅ’টোৰ জৰিয়তে ভাইৰেল হৈ পৰা কণমানি নিকু কলিতাই এজন আৰক্ষী বিষয়াক তেওঁলোকৰ বয়-বস্তু কঢ়িয়াই নোহোৱাৰ বাবে দহ মিনিট সময় দিবলৈ অনুৰোধ জনাইছিল। ভিডিঅ’টোৱে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰাৰ পিছতে বহু হৃদয়ৱান লোকে নিকুৰ পৰিয়ালক সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।
অৱশেষত সৌভাগ্যৰ উদয় হ’ল নিকুৰ। উচ্ছেদিত নিকুৰ উচুপনি শুনিলে USTM ৰ স্বত্বাধিকাৰী মেহবুবুল হকে। এতিয়াৰ পৰা আৰু কাকোৱেই দহ মিনিট সময় বিচৰাৰ প্ৰয়োজন নাই নিকুৰ। নিকু এতিয়াৰ পৰা থাকিব ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’ল’জিৰ আৱাসিক এলেকাৰ বিলাসী অট্টালিকাত। আনহাতে ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’ল’জিৰ স্বত্বাধিকাৰী মেহবুবুল হকে সংবাদ মাধ্যমৰ আগত ভাইৰেল বয় নিকুৰ পঢ়া-শুনাৰ সকলো দায়িত্ব গ্ৰহণ কৰাৰ লগতে নিকুৰ পিতৃ-মাতৃকো USTM তেই কৰ্ম সংস্থাপন দিয়াৰ কথা সদৰি কৰে। সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত হকে কয় যে মানুহক মাছ নি খুৱাই দিয়াতকৈ তেওঁক মাছ ধৰিবলৈ শিকাই দিয়াটোহে উত্তম।
উল্লেখযোগ্য যে অসমৰ ৰাজনীতিত চলি থকা হিন্দু-মুছলমানৰ সংঘৰ্ষৰ মাজতে সাম্প্ৰদায়িকতাৰ ঊৰ্দ্ধত গৈ মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দেখুওৱা মেহবুবুল হকৰ এই কাৰ্যক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে ৰাজ্যখনৰ সচেতন মহলে । হকৰ এই মহানুভৱতাই প্ৰতিজন হৃদয়ৱান লোকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। আনহাতে নিকুৰ পিতৃ-মাতৃয়েও USTM ৰ প্ৰতি প্ৰকাশ কৰিছে কৃতজ্ঞতা।

Leave a Reply

Your email address will not be published. Required fields are marked *