ৰাহুল গান্ধীক নেপালৰ পাৰ্টীত দেখা পোৱা ভিডিঅ’টোক লৈ ব্যাপক চৰ্চা !  প্রকৃততে, ভাইৰেল ভিডিঅ’টোৰ সত্যসত্যতা কি? 

Share
ডিজিটেল ডেস্ক,৪ মেঃ লোকসভাৰ সাংসদ তথা ভাৰতীয় জাতীয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা বিশেষ ভিডিঅ’ ক্লিপে মংগলবাৰে ৰাতিপুৱা বিজেপি নেতাসকলৰ দৃষ্টি নিবদ্ধ কৰিছে । কিয়নো , এই ভিডিঅ’টোত য’ত নেপালৰ এটা পাৰ্টীত ৰাহুল গান্ধীৰ সৈতে এগৰাকী মহিলাৰ সৈতে বাৰ্তালাপ কৰি থকা অৱস্থাৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল । সেই সময়তে বিজেপি নেতা কপিল মিশ্রাই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছিল যে —” ধৰিব পাৰিছেনে ? কোন এই লোকসকল ? ” তদুপৰি এই সন্দৰ্ভত ভাৰতৰ আইন মন্ত্রী কিৰেন ৰিজিজুৱেও টুইট কৰে যে ,—” পাৰ্টী, বন্ধ, আনন্দভ্রমণ , ব্যক্তিগত বিদেশ ভ্রমণ এতিয়া এই দেশৰ বাবে নতুন নহয় ।
যদি এজন নাগৰিকে এনে কৰে , কোনো সমস্যা নাই। কিন্তু যেতিয়া এজন সাংসদ আৰু ৰাজনৈতিক দলৰ নেতাই এনে কৰে …..”  বিজেপিৰ মুখপাত্র শ্বাহজাদ জয়হিন্দেও টুইট কৰে যে , ” ৰাজস্থান জ্বলি আছে কিন্তু বাবাই পাৰ্টী কৰি আছে । দল শেষ হৈ যাব কিন্তু  পাৰ্টী এনেদৰেই চলিব । এনেদৰে টুইটাৰ ট্রেনণ্ডিং হৈ থকা বিষয়টো সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই কয় , ” ৰাহুল গান্ধী আমাৰ বন্ধুৰাষ্ট্র নেপাললৈ গৈছে আৰু তেওঁৰ বান্ধৱীৰ বিবাহ অনুষ্ঠানত উপস্থিত হোৱাৰ উদ্দেশ্যেই নেপাললৈ গৈছে ।ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী মোডীৰ দৰে অনামন্ত্রিত অতিথি হিচাপে পাকিস্তানৰ প্রধানমন্ত্রীৰ স্থানত কেক কাটিবলৈ যোৱা নাই ।” এনেদৰেই চলি আছে দুয়োশাসক বিৰোধী নেতাকৰ্মীৰ মাজত টুইটাৰ যুদ্ধৰ লগতে বাকবিতণ্ডা । মুঠৰ ওপৰত ৰাহুল গান্ধীক সমালোচনাৰ বিষয়েৰে ভৰি পৰিছে সামাজিক মাধ্যম টুইটাৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *