আকৌ সক্ৰিয় হৈছে বড়োলেণ্ডত সশস্ত্ৰ সংগঠন

Share

প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীসহ তিনিজন বড়ো নেতাৰ গ্ৰেপ্তাৰৰ পাছত ন ন তথ্য় ফাদিল হোৱা বুলি জনায় অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জে পি সিং য়ে। অহা ২৬ জানুৱাৰীত আত্মপ্ৰকাশত ধাৰাবাহিক বোমা বিস্ফোৰণেৰে পুনৰ অসম ৰক্তাক্ত কৰাৰ হুংকাৰ বড়োলেণ্ডৰ নৱগঠিত বি এন এল এৰ।নৱগঠিত বি এন এল এ সংগঠনৰ দাবী ৰঞ্জন দৈমাৰীৰ নিঃচৰ্ত মুক্তি ন’হলে পুনৰ ৰাঙলী হ’ব অসম। কোকৰাঝাৰত আইন শৃংখলাৰ বুজ লয় অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জে পি সিং। এমাহ পূৰ্বে চোৰাংচোৱাৰ জৰিয়তে অসম আৰক্ষীৰ হাতত পৰিছিল সশস্ত্ৰ সংগঠনৰ তথ্য় সমুহ।এই তথ্য় সমুহ পোৱাৰ পাছতে তাৎক্ষণিকভাৱে অসম আৰক্ষীয়ে ছয় জানুৱাৰীত নিশা অভিজান চলাই গ্ৰেপ্তাৰ কৰে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক মাৰণাস্ত্ৰৰ সৈতে। ইয়াৰোপৰি কোকৰাঋাৰত একে দিনাই অভিযান চলাই বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্য্য়কৰী সভাপতি  দাওৰাও দেখ্ৰৱ নাৰ্জাৰী আৰু ঠিকাদাৰ সন্থাৰ নেতা বিক্ৰম  দৈমাৰীক গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীয়ে হিতেশ বসুমতাৰীৰ মুছলপুৰৰ ঘৰত তালাচী চলেৱাত বিপুল পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। ইয়াৰ পূৰ্বেও ২০২১  চনত গঠন হোৱা এন এল এফ বি সংগঠনক মাৰণাস্ত্ৰ  যোগান ধৰিছিল প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে।  ইয়াৰোপৰি জানিব পৰা মতে, এন এল এফ বি সংগঠনৰ স্ক’ৰপিঅ গাড়ীত জব্দ কৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰখিনি হিতেশ বসুমতাৰীৰ আছিল। আনহাতে, ডিভাইড আছাম ৫০-৫০ ৰ দাবী অ’ কৰে বি এন এল এ সংগঠনে।

Leave a Reply

Your email address will not be published. Required fields are marked *