কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে দেশ জুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। ৰাহুল গান্ধীৰ বিৰুদ্ধে লোৱা এনে ব্যৱস্থাৰ বাবে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত হোৱা পৰিলক্ষিত হৈছে। অসম বিধান সভাৰ চৌহদ উত্তাল কৰি তুলিলে কংগ্ৰেছৰ জনপ্ৰতিনিধি সকলে।
উল্লেখ্য যে কংগ্ৰেছৰ জনপ্ৰতিনিধি সকলে আজি কলা সাজ পৰিধান কৰি বিধায়কৰ আৱাসৰ পৰা এক সমদল উলিয়াই বিধানসভাৰ মুখ্য দুৱাৰত প্ৰতিবাদ সাব্যস্ত কৰে। সমান্তৰালকৈ কংগ্ৰেছৰ এই কাৰ্যসূচীত শাসকপক্ষই তীব্ৰ সমালোচনা কৰে।
কংগ্ৰেছৰ প্ৰতিবাদক প্ৰত্যুত্তৰ দিবলৈ গৈ ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কংগ্ৰেছক ‘ লাফাংগা বুলি আখ্যা দিয়ে লগতে কয় যে কংগ্ৰেছৰ ওচৰত কোনোধৰণৰ ইচ্যু নাই যাৰ বাবে ইচ্যুহীন বিষয়ক ইচ্যু কৰিব বিচাৰিছে। ইয়াৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতিজনে মন্তব্য কৰে যে এয়া এক প্ৰয়োজনহীন বিষয়।
কংগ্ৰেছৰ প্ৰতিবাদক শাসকপক্ষৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছক গান্ধী পৰিয়ালৰ মায়াৰ পৰা ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে গান্ধী পৰিয়াল মানেই সৰ্বোচ্চ নহয় নহলে নুমাই অহা ছাকিটো আৰু নুমাব বুলি মন্তব্য কৰে।