কাজিৰঙাত বান পৰিস্থিতিৰ ফলত সংকটত পৰিছে জীৱ-জন্তু

Share

অপৰিবৰ্তিতভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত বান পৰিস্থিতিয়ে ভয়াৱহ ৰুপ লৈছে।কাজিৰঙাৰ বান পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰীয় উদ্যাখনৰ জীৱ-জন্তুৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাৰ্বি পাহাৰলৈ গতি কৰিছে।চাৰিদিন ধৰি হোৱা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীয়েদি বাঢ়ি অহা পানীৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰি প্ৰৱেশ কৰিছে দাঁতি কাষৰীয়া গ্ৰামাঞ্চলতো।

বন বিভাগৰ মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্লাৱিত নোহোৱা স্থান আৰু হাইলেণ্ড থকাৰ বাবে সকলো জীৱ-জন্তু ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰলৈ যাবলগীয়া পৰিস্থিতি হোৱা নাই বুলি কয়।ইফালে পথৰ কাষত স্থিতি লোৱা বন্যপ্ৰাণীসমূহৰ নিৰাপত্তাৰ বাবে পথৰ ওপৰত বেৰিকেড স্থাপন কৰাৰ ওপৰিও পথৰ ওপৰত দিনে নিশাই চকু ৰাখিছে বন কৰ্মীয়ে।তদুপৰি একেটা হাইলেণ্ডতে ১৫টাতকৈ অধিক গঁড়,মহ আৰু হৰিনাৰ জাক দেখা পোৱা গৈছে লগতে কণমানি পোৱালিসহ গঁড়,হৰিণা সাঁতুৰি আহি হাইলেণ্ডত উঠা দৃশ্যই দৃষ্টিমুগ্ধ কৰিছে প্ৰকৃতিপ্ৰেমী সকলক।

ইয়াৰোপৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তু সকলৰ মাজত খাদ্য সংকটৰ সমস্যাই দেখা দিছে।যাৰ ফলত পানীত বুৰ মাৰি ঘাঁহ খোৱা পৰিলক্ষিত হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *