বৰফৰে আবৃত বিশ্বৰ সৰ্বোচ্চ ‘শিৱ মন্দিৰ’, সৌন্দৰ্য দেখি মন্ত্ৰমুগ্ধ হ’ল বিদেশী ৰাষ্ট্ৰদূতসকল

Share

সামাজিক মাধ্যমত এটা শিৱ মন্দিৰক লৈ চলিছে ব্যাপক চৰ্চা। শ শ বছৰ পুৰণি এই শিৱমন্দিৰটোৱে এতিয়া সকলোৰে যেন দৃষ্টি নিবদ্ধ কৰা পৰিলক্ষিত হৈছে।ভাইৰেল হৈ পৰিছে এই শিৱ মন্দিৰটোৰ এটি সৰু ভিডিঅ’ ক্লিপ।এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে নৰৱেৰ এগৰাকী কূটনীতিবিদে।ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত কূটনীতিবিদ এৰিক ছলহাইমে উপস্থছাপন কৰিছে ভাৰতৰ সৌন্দৰ্য আৰু বৈচিত্ৰ্যক । সামাজিক মাধ্যমত ছলহাইমে প্ৰায়ে ভাৰতৰ ধুনীয়া ধুনীয়া ঠাইসমূহ শ্বেয়াৰ কৰে । শেহতীয়াকৈ হিমালয়ৰ কোলাত অৱস্থিত ভোলানাথৰ এটা মন্দিৰৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল ।

য’ত তেওঁৰ এই ভিডিঅ’টোত ৭ লাখৰো অধিক দৰ্শক লাভ কৰিছে।সামাজিক মাধ্যমত বৰফৰে আবৃত এই মন্দিৰটোৰ ভিডিঅ’ শ্বেয়াৰ কৰি নৰৱেৰ কূটনীতিবিদগৰাকীয়ে লিখিছে-“বিশ্বৰ সৰ্বোচ্চ মহাদেৱ মন্দিৰ।অবিশ্বাস্যকৰ ভাৰত। উত্তৰাখণ্ডত অৱস্থিত এই মন্দিৰটো ৫০০০ বছৰ পুৰণি বুলি অনুমান কৰা হৈছে।” পিছে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’টো এতিয়া লাখ লাখ দৰ্শকে যেন আদৰি লৈছে।বিভিন্নজনে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া । কোনোৱে যদি কৈছে কেদাৰনাথ মন্দিৰ বুলি , কোনোৱে আকৌ অভিহিত কৰিছে টুংগনাথ মহাদেৱৰ মন্দিৰ বুলি।আন কোনোৱে আকৌ মন্তব্য কৰিছে এয়া টুংগনাথ মন্দিৰেই হ’ব। টুংগনাথ সৰ্বোচ্চ উচ্চতাত অৱস্থিত। মন্দিৰলৈ যোৱা পথটো খুৱ সুন্দৰ। অলপ ওপৰত চন্দ্ৰশিলা আছে । য’ৰ পৰা হিমালয় শৃংগবোৰৰ ২৭০ ডিগ্ৰীৰ সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায়”।কিন্তু চৰকাৰী সূত্ৰ অনুসৰি উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ ৩,৬৮০ মিটাৰ উচ্চতাত অৱস্থিত টুংগনাথ বিশ্বৰ সৰ্বোচ্চ শিৱ মন্দিৰ আৰু ইয়াৰ পুৰণি প্ৰায় হাজাৰ বছৰ বুলি ধাৰণা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *