এক ঐতিহাসিক ক্ষণৰ সাক্ষি হব বিশ্ববাসী-‘ চন্দ্ৰযান-৩’য়ে গঢ়িব অভিলেশ

Share

ভাৰতীয় মহাকাশযান ‘চন্দ্ৰযান-৩’ ‘বিক্ৰম লেণ্ডাৰে’ অহা বুধবাৰে  জোনবাইৰ বুকুত অৱতৰণ কৰিবলৈ গৈ আছে ৷ এই কথা ঘোষণা কৰে ভাৰতীয় মহাকাশ সংস্থা (ইছৰো)য়ে ৷ ‘ইছৰোৰ’ বিজ্ঞানীসকলে ‘বিক্ৰম লেণ্ডাৰ’ক যাতে ছফট লেণ্ডিং কৰাব পাৰে তাৰ বাবে ইয়াক চন্দ্ৰৰ অধিক কাষ চপাই নিয়ে আৰু যাৰ বাবে চন্দ্ৰপৃষ্ঠৰ পৰা ইয়াৰ দূৰত্ব হয়গৈ ২৫ কিলোমিটাৰ ৷ আচৰ্যকৰ যে সেই একে সময়তে ৰাছিয়াই প্রেৰণ কৰা ‘লুনা-২৫’ নামৰ মহাকাশ যানখনে অৱতৰণ কৰাৰ  প্ৰাকমূহুৰ্ততে ধ্বংখ হোৱা বুলি জানিব পৰা গৈছে ৷ ১৯৭৬চনত ৰাছিয়াই শেষবাৰৰ বাবে চন্দ্ৰলৈ যান প্ৰেৰণ কৰাৰ ৫০বছৰৰ মূৰত ‘লুনা ২৫’ প্ৰেৰণ কৰিছিল যদিও যানখন বিফল  হয় আৰু এই ঘটনাই সকলোতে উদ্ধেগৰ সূষ্টি কৰিছে ৷ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমাছে আজি কয় যে – নিৰ্দিষ্ট কক্ষপথৰ পৰিৱৰ্তে লুনা-২৫ যানখন ভূল কক্ষপথত সোমাই পৰিছিল আৰু চন্দ্ৰপৃষ্ঠৰ ভূমি স্পৰ্শ কৰাৰ সময়তে  ধ্বংস হৈছিল ৷

 ইয়াৰ বিপৰিতে ভাৰতৰ চন্দ্ৰযানখন এক ইতিবাচক দিশত যায় থকাৰ বাবে বিজ্ঞানী সকলৰ লগতে দেশবাসীও এই ক্ষেত্ৰত অধিক আগ্ৰহী হোৱা দেখিবলৈ পোৱা গৈছে ৷ আজি প্ৰপালছন মডিউলৰ পৰা বিচ্চিন্ন হৈ তীব্ৰ বেগেৰে চন্দ্ৰক প্ৰদক্ষিণ কৰা বিক্ৰম লেণ্ডাৰৰ ডিবুষ্টিং প্ৰক্ৰিয়া কিছু হ্ৰাস কৰা হৈছে ৷জানিব পৰা মতে অহা বুধবাৰে যানখনে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওপৰেদি প্ৰায় ত্ৰিশ কিলোমিটাৰ ওপৰেদি পৰিভ্ৰমণ কৰি চন্দ্ৰপৃষ্ঠৰ মূখে আগবাঢ়িব ৷ বিক্রম লেণ্ডাৰে চন্দ্ৰৰ মাটিত অৱতৰণ কৰাৰ  পাছতেই লেণ্ডাৰৰ দৰ্জা খোল খাৱ আৰু খোল খোৱাৰ পাছতেই ওলাই আহিব ‘প্ৰজ্ঞান ৰ’ভাৰ’ নামৰ যানখন ৷  এই ৰৱটচালিত যানখনে চন্দ্ৰৰ বুকুৰ শিলাময়ত চলা-ফুৰা কৰি বিভিন্ন পৰিক্ষা-নিৰিক্ষা সম্পন্ন কৰিব ৷ ইয়াৰ উপৰিও ‘চন্দ্ৰযান-৩’ ৰ ‘প্ৰপালছন মডিউল’তো আকাশতে কেইবামাহলৈ সক্ৰিয় হৈ থাকিব ৷ ‘ইছৰোৰ’ মতে ‘চন্দ্ৰযান-২’ মহাকাশ যানখনে ছফট লেণ্ডিঙৰ সময়ত তীব্ৰগতিৰে চন্দ্ৰৰ মাটিত থেকেচা খাই পৰিছিল যদিও এইবাৰ তেনে ঘটনা ঘটাৰ আশংকা নাই বুলি ইছৰোৰ বিজ্ঞানীসকলে জানিবলৈ দিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *