আজিৰ পৰা আৰম্ভ হব সপ্তাহজোৰা LIFE ৰ কাৰ্যসূচী

Share

যোৱা মঙলবাৰে গুৱাহাটীত শুভাৰম্ভ কৰা LIFE CAMPAIGN কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে ।। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰা এই LIFE কাৰ্যসূচী ২২ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈকে হ’ব। অসম চৰকাৰ বিজ্ঞান , প্ৰযুক্তি আৰি জলবায়ু পৰিৱৰ্তন বিভাগৰ দ্বাৰা আৰম্ভ হোৱা এই অভিযানৰ নাম LIFE বাবে এসপ্তাহ অৰ্থাত A WEEK FOR LIFE দিয়া হৈছে।

গোলকীয় উষ্ণতা যিধৰণে  বাঢ়ি গৈ আছে,  বায়ু পৰিৱৰ্তনৰ সমস্যাই যিদৰে সকলোকে ক্ষতি কৰি আছে আৰু  সেয়া দূৰ কৰিবলৈ অসমৰ ৰাইজক এজোপাকৈ গছ ৰূপণ কৰিবলৈ উক্ত অনুষ্ঠান ড° মুখ্যমন্ত্ৰীগৰাকীয়ে  আহ্বান জনায় ।

এই সপ্তাহজোৰা LIFE কাৰ্যসূচীৰ প্ৰণালীসমূহ ক্ৰমে,  প্ৰথম দিনটো পানী সংৰক্ষণ, দ্বিতীয় দিনটো শক্তি সংৰক্ষণৰ তৃতীয় দিন প্লাষ্টিক ব্যৱহাৰ বৰ্জন কৰা, চতুৰ্থ দিন বহনক্ষম খাদ্য প্ৰণালী গ্ৰহণ কৰা ,পঞ্চম দিন আৱৰ্জনা হ্ৰাস কৰা, ষষ্ঠ দিন ইলেকট্ৰনিক আৱৰ্জনাৰ সীমিতকৰণৰ কৰা আৰু সপ্তম দিন সু-স্বাস্থ্যৰ বাবে অনুকৰণীয় জীৱনশৈলী প্ৰচাৰ কৰা  ।

Leave a Reply

Your email address will not be published. Required fields are marked *