জলমগ্ন হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়

Share

বিগত কিছুদিনত নেৰানেপেৰা বৰষুণৰ ফলত পানীৰে উপচি পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়।অৱশ্যে ব্ৰহ্মপুত্ৰ বাঢ়নি পানীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমানলৈকে প্ৰৱেশ কৰা নাই বুলি ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়ে।

উল্লেখ্যযোগ্য যে, পৰিপূৰ্ণ বিল জলাশয় বিলাকত উপচি পৰি বাগৰি যোৱা পানীৰ লগতে বৰষুণৰ পানীয়ে জলমগ্ন কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু অঞ্চল।তদুপৰি ডিফলু নদীকে ধৰি পানীয়েও জনমগ্ন কৰিছে কিছু অঞ্চল।আনহাতে, পথৰ ওপৰত পানী জমা হোৱাৰ উপক্ৰম হৈছে ৰাষ্ট্ৰীয় উদ্য়ানখনত।বিশেষকৈ আৰিমৰা,হুলালপাত, কাৰাশিং, অগৰাতলি বনাঞ্চলৰ কিংকব্ৰা,বুঢ়়াপাহাৰ বনাঞ্চলৰ হাতী কেম্প ইত্যাদি এলেকাৰ পথসমূহত প্ৰায় ২ ফুট পৰ্যন্ত পানীৰে উপচি পৰাত বনকৰ্মীয়ে নাৱেৰে কৰ্তব্য পালন কৰিব লগীয়া হৈছে।

উল্লেখ্য যে, অৱশ্যে এনে পৰিৱেশৰ বাবে বন্য জন্তৰ কোনো অসুবিধাৰ সৃষ্টি হোৱা নাই।বৰঞ্চ ওখ স্থানসমূহত নিৰ্বিঘ্নে বিচৰণ কৰি আছে বন্য জন্তৱে।লগতে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, পৰিস্থিতি অৱনতি হ’লে ৰাষ্ট্ৰীয় উদ্যানৰ বন শিবিৰ সমূহত থকা ঘৰচীয়া হাতী বিলাক বাহিৰলৈ উলিয়াই অনা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *