কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা কিছুদিন ধৰি জি.এম.চি.এইচত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মাক সাক্ষ্যাত কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পী গৰাকীৰ আশু আৰোগ্য কামনা কৰে। একেদৰে গুৰুতৰভাৱে অসুস্থ হৈ থকা শিল্পী নীলপৱন বৰুৱাৰ ও স্ৱাস্থ্যৰ বুজ লয়।
সাংবাদিকৰ আগত সোণোৱালে মন্তব্য প্ৰদান কৰে যে, সুদক্ষিণা শৰ্মা বাইদেউ অসুস্থ যদিও এতিয়াও অদম্য মনোবলৰ অধিকাৰী হৈ আছে। শিল্পীদ্বয়ৰ আশু আৰোগ্য কামনা কৰি তেও কয় যে, দুয়োগৰাকী শিল্পী বৰ্তমান কিছু পৰিমানে সুস্থ হৈছে। এই কালছোৱাত সোণোৱালক সংগ দিয়ে জি.এম.চি.এইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই।