পুনৰ এছিয়া কাপৰ সমুখ সমৰত নামিব দুই শক্তিধৰ ।

Share

আজি বিয়লি ৩-০০ বজাত  শ্ৰীলংকাৰ পাল্লেকেলেত আৰম্ভ হ’ব এছিয়া কাপ মেচ ৷বিশ্বৰ অন্যতম দুই চিৰপ্ৰতিদ্বন্দী ভাৰত-পাকিস্তান মুখামুখি হ’ব এছিয়া ক্ৰিকেট দল ।মেচখনলৈ সম্পূৰ্ণ সাজু ভাৰতীয় ক্ৰিকেট দল ৷পুনৰ সেই উত্তেজনা, উন্মাদনা- ৰোমাঞ্চ ৷ ইতিমধ্যে  তীব্ৰ উৎকন্ঠাৰ মাজেৰে দুয়োখন দেশৰ অনুৰাগীসকল খেলখন উপভোগ কৰিবলৈ উন্মাদ হৈ পৰিছে ৷ এফালৰ পৰা চাবলৈ গলে জয়ৰ পৰিসংখ্যা দিশৰ পৰা যদিও আগবাঢ়ি আছে কিন্তু বিগত প্ৰতিযোগিতাসমূহৰ প্ৰায়সংখ্যক মেচতে পাকিস্তানৰ বিধ্বংসী বলিঙ আক্ৰমণে ভাৰতৰ টপ অৰ্ডাৰক জুলুকা-জুলুকে পানী খুৱাইছিল ৷সেয়ে শ্বাহিন শ্বাহ আফ্ৰিদ, ৰৌফ আৰু শ্বাদাব খান আদি পাকিস্তানী বলাৰৰ  বিৰুদ্ধে ভাৰতে বিশেষ ৰণ কৌশল কৰিছে ৷ৰোহিত, বিৰাট, ঈশান আদি  ভাৰতীয় ক্ৰিকেটাৰ কিদৰে পাকিস্তানী বলাৰৰ লগত মুখামুখি হয় সেয়া হ’ব লক্ষণীয় ৷লগতে পাকিস্তানক পৰাস্ত কৰিবলৈ এছিয়া মেচখনৰ বাবে কঁকালত টঙালি বান্ধিছে ভাৰতে ৷  

Leave a Reply

Your email address will not be published. Required fields are marked *