দুদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক খটৰা সত্ৰত বৰ সবাহ

Share
দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বৰ সবাহ। পৰম্পৰা অনুসৰি প্ৰতি বছৰে জেঠ মাহত অনুষ্ঠিত হোৱা এই বৰ সবাহ ক কেন্দ্ৰ কৰি অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বান পৰিস্থিতিৰ মাজতো খটৰা সত্ৰৰ প্ৰতিষ্ঠাপক গোৱিন্দ আতাৰ বংশ পৰিয়ালসকলৰ উপৰিও অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজে এই বৰ সবাহত স্বতঃস্ফূৰ্ত ভাৱে অংশগ্ৰহণ কৰে। বৰ সবাহৰ এই দুদিনীয়া কাৰ্যসূচীতে গায়ন-বায়ন, নাম- কীৰ্তন, ওজাপালি আদি পৰিৱেশন কৰা পৰিলক্ষিত হয়। 
সবাহ উপলক্ষে পৰম্পৰাগত নিয়ম অনুসৰি সত্ৰত শৰাই আগবঢ়াই অপায়-অমঙ্গলৰ আদিৰ পৰা যাতে ৰাইজ ৰক্ষা পৰে তাৰ বাবে ঈশ্বৰৰ ওচৰত নিজকে সমৰ্পিত কৰি বৰ সবাহত ৰাইজে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত সৰ্বসাধাৰণ ৰাইজৰ লগতে শাসক বিৰোধী আৰু বিভিন্ন ৰাজনৈতিক দলৰ সদস্য  অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *