হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়নেৰে আজিৰে পৰা দেশজুৰি আৰম্ভ ত্ৰিৰংগা যাত্ৰা

Share

নিউজ ডেস্কঃ স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী। এইবাৰ দেশত তিনি দিনীয়া স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপেক্ষিতত আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী ৰূপায়ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ন কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে।

আৰু সেই মৰ্মে আজিৰে পৰা দেশজুৰি আৰম্ভ হৈছে ত্ৰিৰংগা যাত্ৰা। এই ত্ৰিৰংগা যাত্ৰাত হাতত ৰাষ্ট্ৰীয় পতাকা লৈ আৰক্ষী জোৱান, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, মন্ত্ৰী বিধায়ক আদি সকলো ওলাই আহি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ প্ৰচাৰ অভিযান চলাইছে। লগতে অসমৰ বিভিন্ন প্ৰান্ততো হাতত ত্ৰিৰংগা লৈ হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতামূলক শোভায়াত্ৰা ৰূপায়ন কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *