ডিজিটেল ডেস্কঃ দেশে উলহ-মালহেৰে উদযাপন কৰিলে ৭৬ সংখ্যক স্বাধীনতা দিৱস। এইবাৰ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশজুৰি তিনিদিনীয়া কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰা হয়। অসমতো ব্যাপক উৎসাহ উদ্দীপনাৰে দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বাহন অনুসৰি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ন কৰি স্বাধীনতা দিৱস উদযাপন কৰে ৰাজ্যবাসীয়ে।
উল্লেখযোগ্য বিষয়টো হ’ল যে চৰকাৰে ত্ৰিৰংগা উত্তোলন কৰাত যিমান গুৰুত্ব প্ৰদান কৰিছিল সিমানে ত্ৰিৰংগা নমাই ৰখাত গুৰুত্ব প্ৰদান নকৰিলে ৰাজ্য চৰকাৰে।যাৰ পৰিপ্ৰেক্ষিতত ১৬ আগষ্টতোবহু অঞ্চলত ত্ৰিৰংগা উৰি থকা পৰিলক্ষিত হৈছে। সাধাৰণ জনতাৰ বাদেই ,মঙলবাৰৰ দুপৰীয়ালৈ জনতা ভৱনতো উৰি থাকিল জাতীয় পতাকা। লক্ষ্যীয় বিষয়টো হ’ল যে ড০ হিমন্ত বিশ্ব শৰ্মাই ১৫ আগষ্টৰ সন্ধিয়া ত্ৰিৰংগাখন সন্মানজনকভাৱে নমাই সযতনে ৰখাৰ বাবে আহ্বান জনাইছিল । কিন্তু মুখ্যমন্ত্ৰীৰ এই আহ্বাহন কাৰ্যকৰী কৰা পৰিলক্ষিত নহল,কিয়নো মঙলবাৰে দিনৰ ১২ বজালৈ দিছপুৰৰ জনতা ভৱনৰ চৌদহত শাৰী শাৰীকৈ উৰি থাকিল জাতীয় পতাকা।