মুকলি হল জলজীৱন মিছনৰ থিম ছং

Share

গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জল জীৱন মিছন অসমৰ এটা থিম ছং মুকলি কৰে । এই থিম ছঙৰ জৰিয়তে জল জীৱন মিছন আঁচনিৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বৰ্তমান কাৰ্যকৰী হৈ থকা জল জীৱন মিছন অসমৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে জনস্বাস্থ্য বিভাগে প্ৰচেষ্টা চলাইছে । ইয়াৰ সমান্তৰালভাৱে পাইপযুক্ত পানী যোগান আঁচনিসমূহৰ পৰিচালনাৰ আৰু পাইপযুক্ত পানী যোগান আঁচনিসমূহৰ পৰিচালনাৰ আৰু ৰক্ষণাবেক্ষণৰ ওপৰত এখন হাতপুথি আৰু “জল সাৰথি” নামৰ এটা মোবাইল এপ উন্মোচন  কৰে ।

আজি মুকলি কৰা গীতটিত কণ্ঠদান কৰে কণ্ঠশিল্পী দীক্ষু শৰ্মা আৰু গীতালী কাকতীয়ে । গীতটোৰ কথাত এখন সুস্থ সমাজৰ বাবে বিশুদ্ধ খোৱাপানীৰ গুৰুত্বক অতি স্পষ্ট ৰূপত প্ৰতিফলন কৰিছে। অনুষ্ঠানটোত উপস্থিত থাকে জল জীৱন মিছন ডাইৰেক্টৰ আৰু জনস্বাস্থ্য কাৰিকৰি বিভাগৰ সচিব কৈলাস কাৰ্তিক , কৃষ্ণ বৰুৱা, প্ৰমোদ কলিতা আদিকে ধৰি গণ্য-মান্য ব্যক্তিসকল ।

Leave a Reply

Your email address will not be published. Required fields are marked *