সালসলনি নহয় সমষ্টি চাৰিসীমাহে হ’ব পুনৰ নিৰ্ধাৰণ

Share

মঙলবাৰে ৰেডিশ্বন ব্লোত অনুষ্ঠিত হোৱা সংবাদমেলত ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত সংবিধানৰ নিৰ্দেশনাৰ ভিত্তিত সমষ্টিৰ সংখ্যা সালসলনি কৰা নহয়  বুলি আয়ুক্তগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে । অসমৰ বিধানসভাৰ ১২৬টা সমষ্টি, লোকসভাৰ ১৪ টা সমষ্টি বাহাল থকাৰ  লগতে সংবিধানৰ নীতি আৰু আইন অনুসৰি সমষ্টিৰ চাৰিসীমাহে পুনৰ নিৰ্ধাৰণ কৰা হ’ব বুলি সংবাদমেলত উল্লেখ কৰে। একেদৰে, বিটিআৰ তথা স্বায়ত্তশাসিত অঞ্চলসমূহৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৩০ আৰু ৩৩২ ৰ অধীনত  সমষ্টি নিৰ্ধাৰণৰ সিদ্ধান্ত লোৱা হ’ব।

উল্লেখযোগ্য যে, অসমত পূৰ্বে ১৯৭১ চনৰ লোকপিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছিল।  এতিয়া সংবিধান আৰু আইনী প্ৰক্ৰিয়া অনুসৰি ২০০১ ৰ লোকপিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ  কৰা হ’ব। 

 নিৰ্বাচনী আয়োগে সমষ্টি পুননিৰ্ধাৰণ সন্দৰ্ভত  অহা ১৫ এপ্ৰিললৈকে ই-মেইলযোগে  মতামত লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিভিন্ন দল-সংগঠনে ই-মেইলযোগে মতামত জনাব পাৰিব বুলি সদৰী কৰে । knbhar@eci.gov.in অথবা brajesh@eci.gov.in মেইলযোগে মতামত ব্যক্ত কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *