ভাৰতীয় ক্ৰিকেটত দ্ৰাবিড় সভ্যতাৰ সফল সমাপ্তি।

Share
টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ লৈছে ভাৰতীয় দলৰ এজনৰ পিচত আনজন মহান তাৰকাই। বিশ্বকাপ জয়ৰ পাছতেই টি-২০ ক্ৰিকেটক বিদায় দিলে ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ লগতে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই। 
১৭ বছৰ অধীৰ অপেক্ষাৰ অন্তত ভাৰতে জয় কৰিলে টি-২০   বিশ্বকাপ। ১১ বছৰৰ অন্তত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। ৰোহিত, কোহলী ৰ বিদায়ৰ পাছতেই ভাৰতৰ অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই দেওবাৰে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ৩৫ বছৰীয়া ক্ৰিকেটাৰজনে সামাজিক মাধ্যমত লিখিছে- “কৃতজ্ঞতাৰে ভৰা হৃদয়েৰে মই টি-২০ আন্তঃৰাষ্ট্ৰীয়ক বিদায় জনাইছো।

Leave a Reply

Your email address will not be published. Required fields are marked *