দীঘলীপুখুৰীৰ নিশাৰ পহৰি ছাত্ৰ সমাজ

Share

উন্নয়নৰ নামত ৰাজ্য চৰকাৰে  প্ৰকৃতি ধ্বংস কৰিব বিচৰাৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ ওৰে নিশা দীঘলীপুখুৰীত প্ৰতিবাদ । দীঘলীপুখুৰীৰ পৰা নুনমাটি লৈ উৰণ সেতু নিৰ্মানৰ বাবে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে  দীঘলীপুখুৰীৰৰ পাৰৰ ২৫ জোপাকৈ গছ কটিবলৈ লোৱাৰ যি পৰিকল্পনাৰ তাৰ  বিৰুদ্ধে যোৱা ২৭ অক্টোবৰ পৰা দীঘলীপুখুৰীপাৰত অব্যাহত আছে প্ৰতিবাদ । ভিন্ন ক্ষেত্ৰত জড়িত সচেতন নাগৰিক , শিল্পী , সাহিত্যিক , ছাত্ৰ সমাজে দীঘলীপুখুৰীপাৰত সমবেত হৈ চৰকাৰৰ গছ কটা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিক ভাবে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ । ৩ নবেম্বৰৰ নিশা বহু সংখ্যক যুৱক যুৱতী , জ্যেষ্ঠ নাগৰিকে দীঘলীপুখুৰীত সমবেত হৈ ওৰে নিশা গীত গাই , গীটাৰ বজাই গছ ৰক্ষা দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । জুবিন গাৰ্গ , গৰীমা গাৰ্গ সহ এটি শিল্পী দলে গছ ৰক্ষাৰ বাবে গান গাই প্ৰতিবাদ কৰে দীঘলীপুখুৰীৰ পাৰত । এনে দৰে দীঘলীপুখুৰীৰ পাৰত প্ৰতিনিশাই পহৰা দিছে ছাত্ৰ সমাজ আৰু শিল্পী সমাজে । আন হাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জড়িয়তে প্ৰকৃতি ধ্বংস নকৰাকৈ উৰণ সেতু নিৰ্মানৰ বাবে চিন্তা কৰিব বুলি মত প্ৰকাশ কৰে । 

Leave a Reply

Your email address will not be published. Required fields are marked *