পুনৰ  ৰাজ্য জোকাৰি যোৱা  ঘটনা !  অসম আৰক্ষী আৰু আলফা স্বাধীনৰ মাজত প্ৰচণ্ড সংঘৰ্ষ । কাপুৰ  ধুবলৈ আহি অসম আৰক্ষীৰ হাতত প্ৰাণ গ’ল আলফা (স্বা) কেডাৰ জ্ঞান অসমৰ 

Share

ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ঘটনাৰ পুনৰাবৃত্তি । কিয়নো যোৱাকালি তিনিচুকীয়াৰ কাকপথাৰত সংঘটিত হোৱা ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । কাকপথাৰত অসম  আৰক্ষী আৰু আলফাৰ  মাজত হোৱা প্ৰচণ্ড সংঘৰ্ষত প্ৰাণ হেৰুৱালে জ্ঞান অসম ওৰফে সন্তোষ গগৈ । ঘৰ তেওঁৰ শদিয়াৰ বচা গাঁৱত ।  ঘটনা সংঘটিত হোৱাৰ প্ৰকৃত ৰহস্যক লৈ যেন সকলো অবাক  । ঘটনা অনুসৰি , আলফা স্বাধীনৰ এটা ছজনীয়া দলে বাহৰ পাতিছিল কাকপথাৰ অঞ্চলৰ মাজগাঁৱত । ভোলা চাংমাই নামৰ লোকজনৰ ঘৰত বাহৰ পাতিছিল   আলফাৰ এই ছজনীয়া দলটোৱে । পুৱতি নিশা ভোলা চাংমাইৰ ঘৰত উপস্থিত হোৱাত গৃহস্থক মাত লগাইছিল আলফাৰ এই দলটোৱে ।কিন্তু কুৱলী ভেদি যোৱা চকা-মকা পুৱতি নিশাৰ সেই সময়ত গৃহস্থই দুৱাৰ খুলি দিবলৈ অস্বস্তিবোধ কৰিছিল ।

তাৰ পাছতে এই দলটোৱে নিজকে আলফা বুলি পৰিচয় দিছিল । গৃহস্থই তেতিয়া আশ্ৰয় দিবলৈ অস্বীকাৰবোধ কৰিছিল যদিও পিষ্টলৰ ভয় দেখুৱাই আৰু কেইটামান কাপুৰ ধুব লাগে বুলি কৈ বাহৰ পাতিছিল ভোলা চাংমাইৰ বাসগৃহত ।তাৰ কিছু সময়ৰ পাছতে , আলফাৰ এই ছজনীয়া দলটো উক্ত গৃহত আশ্ৰয় লৈ  থকাৰ খবৰ অনুসৰি প্ৰথমে সাধাৰণ পোছাকত সেনাৰ দুজন জোৱান গাওঁখনত প্ৰৱেশ কৰি দলটো থকাৰ নিশ্চিত তথ্য লাভ কৰাৰ পাছত আৰক্ষী আৰু সেনাৰ অভিযানকাৰী দলটো উপস্থিত হয় গাওঁখনত ।আৰক্ষী অহাৰ উমান পাই আৰফাৰ দলটোৱে পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ অভিযানকাৰী দলটোৰ সৈতে মুখামুখি হোৱাত সেনা আৰক্ষীক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰি ঘৰৰ পাছফালেৰে পলাবলৈ চেষ্টা কৰে । আৰু এইদৰে আলফা (স্বাঃ) ৰ দলটোৱে পথাৰৰ বোকাৰ মাজেৰে ধাৰাসাৰ গুলীবৰ্ষণ কৰি  আঁতৰি যাওঁতে প্ৰত্যুত্তৰস্বৰূপে সেনাৰ গুলীত আঘাতপ্ৰাপ্ত হৈ আলফাৰ ছজনীয়া দলটোৰ ভিতৰত জ্ঞান অসম ওৰফে সন্তোষ গগৈয়ে থিতাতে মৃত্যুক আকোঁৱালি  লয় ।   

 

Leave a Reply

Your email address will not be published. Required fields are marked *