ৰাজ্য চৰকাৰৰ আকৌ এহেজাৰ কোটি টকাৰ ঋণ

Share

বিত্তীয় বৰ্ষ শেষ হোৱাৰ সময়তে ৰাজ্য চৰকাৰে চলিত মাহটোৰ ভিতৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ লৈছে । ৰাজ্য চৰকাৰে এই ঋণ লোৱাৰ প্ৰক্ৰিয়া হাতত লৈ ভাৰতীয় ৰিজাৰ্ভ বেংৰক ওচৰত যাৱতীয় প্ৰস্তাৱ দাখিল কৰিছে। অহা ১৯ মাৰ্চত চৰকাৰী বণ্ড বন্দকত দি এই ঋণ লোৱা হ’ব। যোৱা ৫ মাৰ্চতো ৰাজ্য চৰকাৰে একেদৰে এহেজাৰ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছিল।উল্লেখযোগ্য যে বিকাশ যাত্ৰাৰ নামত জিলাই জিলাই শ শ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস, ভূমিপূজন আদিৰ উজান উঠাৰ সময়ত ৰাজ্য চৰকাৰে এনেকৈ ঋণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাটো তাতপৰ্যপূৰ্ণ। চলিত বিত্তীয় বৰ্ষত ২৫ হেজাৰ কোটি টকাৰ ঋণৰ লক্ষ্য নিৰ্ধাৰণ কৰা চৰকাৰ খনে এতিয়ালৈকে ২০ হেজাৰ কোটি টকাৰ ঋণ গ্ৰহণ কৰিলে।বিধান সভাত বিত্ত বিভাগৰ ফালৰ পৰা দাখিল কৰা তথ্যমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কালতেই সৰ্বাধিক ঋণ লোৱা হৈছে। যোৱা দুটা বিত্তীয় বৰ্ষতে ৪৩,০৫০.৫৭ কোটি টকাৰ ঋণ লোৱাৰ পিছত চলিত বিত্তীয় বৰ্ষটোও সামৰি ল’লে তিনি বছৰত লোৱা ঋণৰ পৰিমাণ প্ৰায় ৬০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাব।  

Leave a Reply

Your email address will not be published. Required fields are marked *